ভাৰতৰ সৰ্ববৃহৎ মনোৰঞ্জন কনটেণ্ট সংগ্ৰহ এপ’এক্সষ্ট্ৰীম প্ৰিমিয়াম মুকলি

0 231

ভাৰতী এয়াৰটেলয়ে ভাৰতত ডিজিটেল মনোৰঞ্জনৰ ইক’চিষ্টেম বিকাশ কৰাৰ বাবে নতুন ভিডিঅ’ ষ্ট্ৰীমিং সেৱা “এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়াম” মুকলি কৰাৰ আজি ঘোষণা কৰিছে।মিডিয়া পাৰ্টনাৰ্ছ এছিয়াৰ মতে, ২০২৫ চনলৈ ভাৰতৰ অ’টিটি চাবস্ক্ৰিপশ্বন বজাৰ বৰ্তমানৰ ৫০০ নিযুত ডলাৰৰ পৰা ২ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ চাবস্ক্ৰিপশ্বন ৩গুণ বৃদ্ধিৰে কমেও ১৬৫ মিলিয়নলৈ হোৱাৰ আশা আছে। এই নতুন চাবস্ক্ৰিপশ্বনৰ এক বৃহৎ অংশ নতুন ইউজাৰ মফচলিয়া আৰু গ্ৰাম্য বজাৰৰ পৰা আহিব।

বৰ্তমান সময়ছোৱাত গ্ৰাহকসকলৰ বাবে বিকল্পৰূপে বাছনি কৰিবলৈ ডৰজন অ’টিটি মনোৰঞ্জন এপ উপলব্ধ আছে, যিসমূহে গ্ৰাহকক তেওঁলোকৰ শেহতীয়া কনটেণ্ট আগবঢ়াই আহিছে। অৱশ্যে,ইয়াৰ বাবে গ্ৰাহকসকলে একাধিক এপ’ পৰিচালনা কৰে আৰু একেসময়তে চাবস্ক্ৰিপশ্বন কৰিবলগীয়া হয়।ইয়াৰ বাবে মুকলি কৰা হৈছে ভিডিঅ’ৰ ৰোমাঞ্চকৰ পৃথিৱীক আনলক কৰাৰ ষ্ট্ৰীমিং মনোৰঞ্জন এপ’ এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়াম।ইয়াৰ মুকলিৰদ্বাৰা ভাৰতৰ ডিজিটেল ভাৱে সংযোজিত গ্ৰাহকে শেহতীয়াভাৱে মুকলি হোৱাৰ বৰ্ধিত কনটেণ্ট বিচাৰাৰ সমস্যাৰ সমাধান কৰিব।

প্ৰথমতে এই এপ’ত ১৫ টা ভাৰতীয় আৰু বিশ্বস্তৰৰ ভিডিঅ’ অ’টিটিৰ পৰা কনটেণ্ট একত্ৰিত কৰিছে। গ্ৰাহকসকলে উপভোগ কৰিব পাৰিব ১০,৫০০ৰো অধিক চলচ্চিত্ৰ আৰু শ্ব’ৰ লগতে চনীলিভ লাইভ চেনেলবোৰ,ইৰোচনাও , লায়ন্সগেট প্লে, হোইচোইমনোৰামামেক্স ,শ্বেমাৰু ,আল্ট্ৰা , হাঙ্গামাপ্লে ইপিকঅন ,ডকুবাই , ডিভো টিভি(, ক্লিকক,নাম্মাফ্লিক্স, ডলিউড
, শ্বৰ্টছ টিভি এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়ামত উপলব্ধ কৰা হৈছে। দ্বিতীয়তে,এই এপে’ ছিংগল চাবস্ক্ৰিপশ্বন, ছিংগল ছাইন-ইন, ইউনিফাইড কনটেণ্ট চাৰ্ছ আৰু এআই ড্ৰাইভেনৰ(AI driven)সৈতে গ্ৰাহকক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰে।ব্যৱহাৰকাৰীসকলে ম’বাইল, টেবলেট,লেপটপত এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়াম প্ৰাপ্ত কৰিব পাৰে, লগতে ৱেবৰ জৰিয়তে টিভিত এক্সষ্ট্ৰীম ছেট-টপ-বক্সত উপভোগ কৰিব পাৰে। এই কনটেণ্টবোৰ এয়াৰটেলৰ গ্ৰাহকসকলৰ বাবে প্ৰতি মাহে মাত্ৰ ১৪৯ টকাৰ আকৰ্ষণীয় মূল্যত উপলব্ধ।

ইয়াৰ মুকলি সন্দৰ্ভত Airtel Digital-ৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ্শ নায়াৰে (Adarsh Nair)কয়;”এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়াম এটা গেম চেঞ্জিং ইনভেচন, যিয়ে কনটেণ্টৰ প্ৰত্যাহ্বানবোৰ সমাধান কৰি ভাৰতত অ’টিটি কনটেণ্ট যোগান ধৰে। আমি ডিজিটেল মনোৰঞ্জনৰ এক ৰোমাঞ্চকৰ যাত্ৰা আৰম্ভ কৰিবলৈ ধৰিছো আৰু অ’টিটি প্লেয়াৰ হিচাপে ভাৰতত পৰিচিত হৈ ৰম।” এয়াৰটেলে এই অফাৰৰ জৰিয়তে ২০ নিযুত গ্ৰাহকৰ লক্ষ্য ৰাখিছে আৰু এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়ামক গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে আৰু ভাৰতত ডিজিটেল মনোৰঞ্জনৰ বহুতো অ’টিটি প্লেয়াৰৰ সৈতে সহযোগিতা কৰা লক্ষ্য ৰাখিছে।

Leave A Reply

Your email address will not be published.