ভাৰত চৰকাৰৰ ডি এছ টি বিভাগৰ সচিব ডঃ ৰবি চন্দ্ৰশেখৰৰ আই এ এছ এছ টি চৌহদ পৰিদৰ্শন বনৌষধি উদ্যান মহৰ্ষি চৰক উদ্ধোধন

0 242

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ডি এছ টি সচিব ডঃ ৰবি চন্দ্ৰশেখৰে আজি বিয়লিৰ পৰা সন্ধিয়ালৈ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন চায়েন্স এণ্ড টেকনলজী চমুকৈ আই এ এছ এছ টি চৌহদ পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত সচিব ডঃ চন্দ্ৰশেখৰে চৌহদত স্থাপন কৰা মহৰ্ষি চৰক নামৰ বনৌষধি উদ্যানখন উদ্ধোধন কৰে । আনহাতে এই উপলক্ষে সভাগৃহত অনুষ্ঠিত এক বৈঠকত আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জী ,অধ্যাপক -অধ্যাপিকা , শিক্ষাৰ্থী , গৱেষক , বিষয়া – কৰ্মচাৰী সকলৰ সৈতে মিলিত হয় আৰু প্ৰতিষ্ঠানখনৰ উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। বৈঠকত ডঃ চন্দ্ৰশেখৰে সকলোকে প্ৰতিষ্ঠানখনৰ উত্তৰোত্তৰ উন্নতিৰ হকে নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় আৰু উদ্যানখনে কাষৰীয়া অঞ্চলৰ ওষধীয় গছৰ খেতিৰ লগত জড়িত কৃষক – গৱেষক সকলক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে । উল্লেখযোগ্য যে সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ বিশেষ তৎপৰতাত শিক্ষণ আৰু গৱেষণাৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্থাপন কৰা উদ্যানখনত ৫০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ ওষধী উদ্ভিদ ৰোপণ কৰা হৈছে ।

Leave A Reply

Your email address will not be published.