অহা ২ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিবলগীয়া ‘মিছন বসুন্ধৰা’ আঁচনিলৈ মাজত মাথো কেইদিনমান বাকী থকা অৱস্থাত ভূমি সম্পৰ্কীয় বিভিন্ন আবেদন যাতে সমাধা কৰিব পৰা যায় আৰু এইক্ষেত্ৰত কোনোধৰণৰ আসোঁৱাহ নাথাকে, সেই উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙ্গলবাৰে ভূমি সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মুকলি কৰা এই কৰ্মশালাত জিলাখনৰ সকলো অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি (সদৰ), চক্ৰ বিষয়াৰ উপৰি কাননগো, লাট মণ্ডল, পাচোটা ৰাজহ চক্ৰৰে বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখন মুকলি কৰি জিলা উপায়ুক্ত গৰাকীয়ে ভূমি হস্তান্তৰকৰণ, বেচা-কিনা পঞ্জীয়ণ কৰা আদিৰ লগত কোনো ধৰণৰ ধনৰ লেন-দেন নকৰিবলৈ কঠোৰভাৱে এইক্ষেত্ৰত জড়িত বিষয়া-কৰ্মচাৰীসকলক সকিয়াই দিয়ে। ‘এতিয়াৰে পৰা আপোনালোকে জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ বাবে পণ লওক। মনত যদি বেয়া অভ্যাসে ঠাই পাইছিল, দলিয়াই পেলাওক, আগৰ হিচাপ নিকাচ পাহৰি যাওক। মাটি বেচা-কিনা, পঞ্জীয়ণ আদিৰ ক্ষেত্ৰত ধন লেন-দেনৰ কোনো অভিযোগ প্ৰমাণিত হ’লে কোনো ক্ষেত্ৰতে সহ্য কৰা নহ’ব’ – উপায়ুক্ত গৰাকীয়ে কয়। কৰ্মশালাখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰীয়ে অসমৰ ভূমি ৰাজহ প্ৰশাসনৰ ইতিহাসৰ পৰা বৰ্তমান প্ৰেক্ষাপতলৈ বিভিন্ন বিষয়, ধ্ৰুৱ হাজৰিকাই বিভিন্ন ধৰণৰ ভূমি পট্টা, একচনা পট্টাৰ পৰা মিয়াদী পট্টা, এলটমেণ্ট এণ্ড চেটলমেণ্ট অৱ লেণ্ড, লেণ্ড বেংক আদি বিষয়ত, গৌৰীশংকৰ দাসে অসমৰ ভূমি নীতি, ভি জি আৰ, পি জি আৰ আৰু সাধাৰণ ভূমি সুৰক্ষা/ সংৰক্ষণ আদি, বিপুল কুমাৰ দাসে কেনেকৈ ৰাজহ বিষয়ক প্ৰতিবেদন লিখিব লাগে আদি বিষয়ত বিশদ আলোচনা কৰে। কৰ্মশালাখনত চক্ৰ বিষয়া আৰু লাট মণ্ডল সকলে বিভিন্ন বিষয়ত নিজৰ জানিবলগীয়াখিনি জানি লয়।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta