অহা ২ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিবলগীয়া ‘মিছন বসুন্ধৰা’ আঁচনিলৈ মাজত মাথো কেইদিনমান বাকী থকা অৱস্থাত ভূমি সম্পৰ্কীয় বিভিন্ন আবেদন যাতে সমাধা কৰিব পৰা যায় আৰু এইক্ষেত্ৰত কোনোধৰণৰ আসোঁৱাহ নাথাকে, সেই উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙ্গলবাৰে ভূমি সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মুকলি কৰা এই কৰ্মশালাত জিলাখনৰ সকলো অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি (সদৰ), চক্ৰ বিষয়াৰ উপৰি কাননগো, লাট মণ্ডল, পাচোটা ৰাজহ চক্ৰৰে বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখন মুকলি কৰি জিলা উপায়ুক্ত গৰাকীয়ে ভূমি হস্তান্তৰকৰণ, বেচা-কিনা পঞ্জীয়ণ কৰা আদিৰ লগত কোনো ধৰণৰ ধনৰ লেন-দেন নকৰিবলৈ কঠোৰভাৱে এইক্ষেত্ৰত জড়িত বিষয়া-কৰ্মচাৰীসকলক সকিয়াই দিয়ে। ‘এতিয়াৰে পৰা আপোনালোকে জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ বাবে পণ লওক। মনত যদি বেয়া অভ্যাসে ঠাই পাইছিল, দলিয়াই পেলাওক, আগৰ হিচাপ নিকাচ পাহৰি যাওক। মাটি বেচা-কিনা, পঞ্জীয়ণ আদিৰ ক্ষেত্ৰত ধন লেন-দেনৰ কোনো অভিযোগ প্ৰমাণিত হ’লে কোনো ক্ষেত্ৰতে সহ্য কৰা নহ’ব’ – উপায়ুক্ত গৰাকীয়ে কয়। কৰ্মশালাখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰীয়ে অসমৰ ভূমি ৰাজহ প্ৰশাসনৰ ইতিহাসৰ পৰা বৰ্তমান প্ৰেক্ষাপতলৈ বিভিন্ন বিষয়, ধ্ৰুৱ হাজৰিকাই বিভিন্ন ধৰণৰ ভূমি পট্টা, একচনা পট্টাৰ পৰা মিয়াদী পট্টা, এলটমেণ্ট এণ্ড চেটলমেণ্ট অৱ লেণ্ড, লেণ্ড বেংক আদি বিষয়ত, গৌৰীশংকৰ দাসে অসমৰ ভূমি নীতি, ভি জি আৰ, পি জি আৰ আৰু সাধাৰণ ভূমি সুৰক্ষা/ সংৰক্ষণ আদি, বিপুল কুমাৰ দাসে কেনেকৈ ৰাজহ বিষয়ক প্ৰতিবেদন লিখিব লাগে আদি বিষয়ত বিশদ আলোচনা কৰে। কৰ্মশালাখনত চক্ৰ বিষয়া আৰু লাট মণ্ডল সকলে বিভিন্ন বিষয়ত নিজৰ জানিবলগীয়াখিনি জানি লয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan