এচিয়ান ডেভেলেপমেন্ট বেংকৰ অৰ্থ সাহাৰ্য্যৰ ১০০০ কৌটি টকা ব্যয় সাপেক্ষে মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ হ’ব।এই বিশ্ববিদ্যালয়খনৰ দেওবাৰে ভূমি পূজন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বিশ্ববিদ্যালয় খনত পাঠ্যক্ৰমত বৃত্তি প্ৰস্তুত দক্ষতা, প্ৰামাণিক শিক্ষন,চেম্পিয়ন শিক্ষা,স্ব-নিযুক্তিৰ বাবে উদ্যোগ ক্ষমতা আৰু মঞ্চ প্ৰদান কৰা আদিকে ধৰি ৯ টা বিভাগ বা পাঠ্যক্ৰম থকাৰ লগতে চাৰিটা উৎকৰ্ষ সাধন প্ৰতিষ্ঠান থাকিব ।অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা, এছিয়ান ডেভেলপমেন্ট বেংকৰ পুঁজিৰে দক্ষতা শিক্ষা খণ্ডত এক অগ্রণী পদক্ষেপ হ’ব এই বিশ্ববিদ্যালয় খন ।অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছে- সমগ্র পূব ভাৰতত প্রথম দক্ষতা বিশ্ববিদ্যালয়। বিশ্বমানৰ অত্যাধুনিক বিশ্ববিদ্যালয়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৈতে সামগ্রিক দক্ষতা শিক্ষা। নমনীয়, একাধিক প্রবেশ-একাধিক প্রস্থান শিক্ষা ব্যৱস্থা।সকলোৰে বাবে উপযুক্ত এখন বিশ্ববিদ্যালয়, বিদ্যালয় আধাতে সামৰা শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি স্নাতক আৰু স্নাতকোত্তৰ লৈকে উদ্যেগী আৰু কৰ্মক্ষেত্ৰত নিয়োজিত ব্যক্তি সকলোকে সামৰি ল’ব।বিশ্ব বিদ্যালয়ৰ খনৰ লক্ষ্য হৈছে বৃত্তি -প্ৰস্তুত দক্ষতা পাঠ্যক্ৰম, প্ৰামাণিক শিক্ষন, চেম্পিয়ন শিক্ষা, উদ্যোগত সংযোগৰ বাবে মডেল বিকাশ শিক্ষা, ষ্টাৰ্ট -আপ সমূহৰ উদ্ভাৱন কেন্দ্ৰ স্থাপন,স্ব-নিযুক্তিৰ বাবে মঞ্চ প্ৰদান, প্ৰশিক্ষণ আৰু অনুসৰি মানদণ্ড উন্নত কৰা, স্থানীয় আৰু ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাৰ বাবে প্ৰতিভা বিকাশ, শিক্ষাৰ্থীৰ বাবে সামগ্ৰিক শিক্ষণ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা