পেলনীয়া সামগ্ৰীৰে হলিউডৰ ছুপাৰ হিৰ’ আইৰন মেন তৈয়াৰ কৰি মণিপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।মণিপুৰৰ থৌবাল জিলাৰ ২১ বছৰীয়া নিংগোমবাম প্ৰেম নামৰ যুৱকজনে কাৰ্ডব’ৰ্ড আৰু পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰে ঘৰতে এটা আইৰন মেনৰ ৰবট সাঁজি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।ইউটিউবৰ জৰিয়তে তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’ই ব্যাপক সমাদৰ লাভ কৰিছে।তেওঁৰ ভিডিঅ’টো Brut নামৰ সংবাদ গোষ্ঠীটোৱে শ্বেয়াৰ কৰাৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই টুইটাৰত শ্বেয়াৰ কৰে। ইয়াৰ পিছতে ভিডিঅ’টোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।আনন্দ মহিন্দ্ৰাই টুইটাৰ যোগে যুৱকজনক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।আজৰি সময়ত নিজৰ মাক দেউতাকক পথৰ কাষত দিয়া খাদ্যৰ দোকানত সহায় কৰি দিয়া এই তৰুণ যুৱকজনে বৰ্তমান ইম্ফল আৰ্ট কলেজত চাৰুকলাৰ অধ্যয়ন কৰি আছে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta