কেন্দ্ৰীয় বন্দৰ ,জাহাজ পৰিবহন আৰু জলপথ আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মিজোৰামৰ আইজলত অনুষ্ঠিত বাণিজ্য উৎসৱ,ভাৰতক উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰে।ভাৰতৰ স্বাধীনতা ৭৫ বছৰ উদযাপনৰ সৈতে সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে এই বাণিজ্য উৎসৱ অনুষ্ঠিত কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰি সীমান্ত ৰাজ্য খনৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামৰ বিশাল প্ৰাকৃতিক সম্পদ, মনোৰম সৌন্দৰ্য আৰু কৌশলগত অৱস্থানে বিকাশৰ গতিক ত্বৰাম্বিত কৰাৰ থল আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বলিষ্ঠ নেতৃত্বত ৰাজ্য খনে নিশ্চিতভাৱে প্ৰগতি আৰু পৰিবৰ্তনৰ নতুন শিখৰত উপনীত হ’ব।বাণিজ্য উৎসৱ এই উদ্বোধনী অনুষ্ঠানত মিজোৰামৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ড° আৰ লালথানগ্লিয়ানা,ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ প্ৰতিনিধি আৰু মিজোৰামৰ জ্যেষ্ঠ চৰকাৰী বিষয়া সকল উপস্থিত আছিল।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী