মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ

0 138

ইংৰাজী নৱবৰ্ষৰ আজি পহিলা দিনটো অতি উচাহ উদ্দীপনাৰে পাৰ কৰে গুৱাহাটী মহানগৰীৰ অধিকাংশ পৰিয়াল তথা ব্যক্তি বিশেষে । উল্লেখ্য যে কালি ইংৰাজী ২০২৫ বর্ষটোক বিদায় দিয়াৰ উদ্দেশ্যে মহানগৰীৰ পশ্চিম প্ৰান্তৰ অধিকাংশ পৰিয়াল কিম্বা যুৱক-যুৱতী সকলে বিভিন্ন স্থানত মিলিত হৈ সমূহীয়া ভোজৰ আয়োজন কৰে । এক উচাহমুখৰ পৰিৱেশৰ মাজেৰে ইংৰাজী ২০২৫ বর্ষটোক বিদায় দিয়াৰ পিছত আজি পুৱাৰে পৰা মহানগৰীৰ পশ্চিম প্ৰান্তৰ জনসাধাৰণ অধিক ৰঙীয়াল হৈ পৰে । মহানগৰীৰ পশ্চিম প্রান্তৰস্থিত ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ ধাম , শ্ৰী শ্ৰী গণেশ মন্দিৰ , শনি মন্দিৰ , ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ , কালেশ্বৰ মন্দিৰ আদিত অগণন লোকে নতুন বছৰটোত শান্তি কামনাৰ হকে ভক্তি অৰ্চনা আগবঢ়াবলৈ উদগ্ৰীৱ হৈ পৰা দৃষ্টিগোচৰ হয় । এধানি সুখ-শান্তি বিচাৰি আৰু নতুন বছৰটো যাতে সমৃদ্ধিৰে উপচি পৰে তাৰেই কুশল কামনা কৰি আজি পুৱাৰ পৰা সন্ধিয়ালৈ লংকেশ্বৰ ধাম , গণেশ মন্দিৰ , শনি মন্দিৰ আৰু ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰত অগণন লোকে পূজা অৰ্চনা আগবঢ়ায় । প্রতিটো মন্দিৰ প্ৰাঙ্গনত পুৱাৰ পৰা বিৰ-দি-বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয় । ইপিনে ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ প্ৰাঙ্গনতো যথেষ্ট সংখ্যক যানবাহনৰ উপস্থিতিয়ে ভক্ত-দৰ্শনাৰ্থী সকলক আহুকালত পেলায় বুলি জানিব পৰা গৈছে । শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা সমিতি আৰু ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ভক্ত-দর্শণার্থী সকলৰ বাবে পূজাৰ ভোগ বিতৰণৰ ব্যৱস্থা কৰে । ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ পশ্চিম প্ৰান্তৰ আন একাংশ লোকে বনভোজ খোৱাৰ উদ্দেশ্যে পুৱাৰ ভাগতেই অন্য স্থানলৈ ঢাপলি মেলে । আন একাংশ লোকে ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজ খাই নৃত্য-গীতেৰে নতুন বছৰটোক আদৰা পৰিলক্ষিত হয় । উল্লেখ্য যে আজি পুৱাৰ পৰা মহানগৰীৰ পশ্চিম প্ৰান্তৰস্থিত ৰাণী কপিলী আৰু দীপৰ বিলৰ পাৰৰ বনভোজস্থলীত অগণন বনভোজ খাবলৈ যোৱা দলে নৃত্য-গীতৰ মূৰ্ছনাৰে বনভোজস্থলী উজ্জীৱিত কৰি তোলে।

Leave A Reply

Your email address will not be published.