মহানগৰীৰ সমীপৰ আজাৰাত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

0 267

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশিষ্ট ক্ৰীড়া সংগঠক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন পালন কৰে। প্ৰত্যেক বাৰৰ দৰে এইবাৰো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰে ।অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সমগ্ৰ ৰাজ্যত ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়।

অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাই সামূহিক দৌৰ আৰম্ভ হয়। ৰাজ্যৰ আন ঠাইৰ দৰেই সোমবাৰে মহানগৰীৰৰ আজাৰাত বিভিন্ন কাৰ্যসূচীৰে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। আজাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত পালন কৰা ক্ৰীড়া দিৱসত পুৱা আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাংগনত এক সামূহিক দৌৰ অনুষ্ঠিত হয়। সামূহিক দৌৰ উদ্বোধন কৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ গোবিন্দ বড়োৱে। সামূহিক দৌৰত ৰাণী হাইস্কুল, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, চন্দ্ৰপ্ৰভা বৰা ছোৱালী হাইস্কুল, চেইন্ট যোচেফ হাইস্কুল, এছ অ’ এছ ভিলেজ আৰু শ্যামভূমি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমীয়ে অংশ লয়। পুৱাই সন্থাৰ পতাকা উত্তােলন কৰে বডি বিল্ডিং আৰু ৱেট লিফটিং ৰেফাৰী মলিন দাসে। পতাকা উত্তোলনৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া কুইজ আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.