সমগ্ৰ ৰাজ্যজুৰি পৰিবহণ বিভাগৰ অলক্লিয়াৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে বুধবাৰে মহানগৰীৰ মাছখোৱা, ভুতনাথ, ফেন্সীবজাৰ আদি অঞ্চলত ব্যাপক তালাচী অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল। এম ভি আই জয়সিং ৰংফাৰ আৰু কাণাই মহন্ত, এনফৰ্চমেন্ট পি বি লামা, মৰমী পাঠকৰ সহযোগী দলৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে বৃহৎ অঞ্চলটোত চলোৱা নিচিদ্ৰ তালাচী অভিযানত নথিপত্ৰ নৱীকৰনকে ধৰি যাৱতীয় কৰ আদায় নিদিয়াৰ ক্ষেত্ৰত ধৰা পৰে বহু বিসঙ্গতি। অভিযানৰ সময়ত এখন বিলাসী বাহনে দীৰ্ঘদিন ধৰি কোনোধৰণৰ কৰ পৰিশোধ নকৰাৰ গুৰুত্বৰ তথ্য ধৰা পৰাত বাহনখন ঠিতাতে জব্দ কৰা হয় ৷ বহু চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকাৰ উপৰি প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰও নাই। নিষিদ্ধ ঘোষিত অৱস্থাতো বহু বাহনে এতিয়াও ব্যৱহাৰ কৰি আছে কলা আইনা। এই সকলো বিসঙ্গতিৰ বিৰুদ্ধে বাহনৰ মালিকলৈ ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয়। উল্লেখিত স্থান সমূহত তালাচী অভিযান চলোৱাৰ উপৰি মহানগৰীৰ গড়চুক, কাটাহবাৰী, গণেশপাৰা, আহোম গাওঁ, বেলতলা আদি ভিন ভিন অঞ্চলত কৰ পৰিশোধ নকৰা বাহনৰ মালিক-কতৃপক্ষৰ তথ্য হাতত লৈ ঘৰে-ঘৰে, কাৰ্যালয়ে- কাৰ্যালয়ে অভিযানকাৰী দল উপস্থিত হৈ ব্যক্তিগত বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা আৰু যান-বাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠানক ত্ৰিশৰো অধিক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই কৰ পৰিশোধ কৰাৰ লগতে বাহনৰ নথিপত্ৰ নৱীকৰণৰ আহ্বান জনায়। একেসময়তে কৰ অনাদায়ী সকলক ৰাজ্যখনত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতা সন্দৰ্ভতো অৱগত কৰে। উল্লেখ্য যে, কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে পথ-সুৰক্ষাৰ সজাগতা অভিযান ৷
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি