মাজুলী জিলা পৰিবহণ বিভাগ আৰু এনফৰ্চমেন্ট বিভাগ তথা আৰক্ষী বিভাগৰ তৎপৰতাত মাজুলীৰ বিভিন্ন প্ৰান্তত নাকা চেকিং অভিযান চলোৱা হয়৷ বৃহস্পতিবাৰে মাজুলী জিলা পৰিবহণ বিভাগে উজনি মাজুলী নতুন বজাৰত হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহীৰ ওপৰত তৎপৰ হৈ পৰে৷ তদুপৰি ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি মদ্যপান কৰা বাইক আৰোহীক চিনাক্ত কৰাৰ লগতে নাকা চেকিং কৰি বাহনৰ নথিপত্ৰ, জীৱনবীমা আদি সন্দৰ্ভত তন্নতন্নকৈ পৰীক্ষা কৰি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যপন্থা হাতত লোৱা হয়৷ উল্লেখ্যে যে আগন্তক ৰাস উৎসৱৰ প্ৰাকক্ষণত মাজুলী জিলা পৰিবহণ আৰু ইডি তথা আৰক্ষী প্ৰশাসনে লোৱা পদক্ষেপক মাজুলীবাসীয়ে শলাগ লৈছে৷
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls