কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে কাশ্মীৰৰ গান্দৰবল ভ্ৰমণ কৰে

0 163

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ অধীনত গান্দৰবল জিলা ভ্ৰমণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্রম বিভাগৰদ্বাৰা আগবঢ়োৱা উচ্চ শিক্ষাৰ সাহায্য আৰু সকলোৰে বাবে গৃহ (নগৰাঞ্চল)সহ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত মুঠ ১২.৩৫ লাখ টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰে৷ তেওঁ লগতে মিনি সচিবালয়ত পিএমইজিপিৰ অধীনত অনুমোদন পত্ৰ, শ্ৰৱণ সহায়ক, প্রস্থেটিক আৰু অৰ্থটিক, হুইল চকী, ভূমি পাছবুক, উপাৰ্জনৰ প্রমাণপত্র, গ’ল্ডেন কার্ড, ক্রীড়া কিট আদি হিতাধিকাৰীক প্ৰদান কৰে। তদুপৰি, মন্ত্ৰীগৰাকীয়ে মিনি সচিবালয় গান্দৰবলৰপৰা চহৰখনত ই-ৰিক্সা সেৱাৰো শুভাৰম্ভ কৰে৷ অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ উন্নতিত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্দেশনাত সমগ্ৰ অঞ্চলটোত উন্নয়নৰ সমান্তৰালভাৱে শান্তি আৰু নিৰাপত্তা সুচাৰুৰূপে চলি আছে। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিগাম বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুল পৰিদৰ্শন কৰে য’ত তেওঁ যোগ সন্মিলন প্রত্যক্ষ কৰে আৰু বিদ্যালয় চৌহদৰ ভিতৰত থকা ভেষজ বাগিচাও পৰিদৰ্শন কৰে৷ তদুপৰি ৫৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা একাধিক পথ প্রকল্পও আজি মুকলি কৰে সৰ্বানন্দ সোণোৱালে৷ লগতে আয়ুষ ৰাষ্ট্ৰীয় অভিযানৰ অধীনত স্থানীয় লোকসকলৰ মাজত ঔষধি উদ্ভিদো বিতৰণ কৰে। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত জম্মু কাশ্মীৰৰ সমগ্ৰ অঞ্চলৰ জনসাধাৰণ এতিয়া দেশৰ অমৃতকালৰ ভিতৰত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ যাত্ৰাত গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছে। মোদী ডাঙৰীয়াৰ কঠোৰ পৰিশ্ৰম আৰু আন্তৰিক প্ৰচেষ্টাৰ বাবে অঞ্চলটোত শান্তিৰ বাতাবৰণ গঢ় লৈ উঠিছে আৰু অঞ্চলটোত সমৃদ্ধি আৰু উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে৷

Leave A Reply

Your email address will not be published.