মাতমৰাৰ একৰিয়াত আলি আয়ে লৃগাং লৃলেং সম্পন্ন

0 420

মিচিং জনগোষ্ঠীয়  কৃষিজীৱী ৰাইজৰ কৃষি ভিত্তিত উৎসৱ আলি আয়ে লৃগাংৰ লৃলেং পৰ্ব  শুক্ৰবাৰে ঢকুৱাখনা মহকুমাত মাতমৰা অঞ্চলৰ একৰিয়া গাঁওত সম্পন্ন কৰা হয় । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে  জনগোষ্ঠীয় ৰাইজে উদযাপন কৰা কৃষি ভিত্তিত উৎসৱ লৃগাংৰ লৃলেং অনুষ্ঠান একৰিয়া গাঁওৰ ৬ খন চুবুৰীৰ কৃষিজীৱী ৰাইজ একত্ৰিত হৈ শুক্ৰবাৰে উদযাপন কৰে । পুৱাৰ পৰা গাঁওৰ ৬ খন চুবুৰীৰ ২০০ শতাধিক বুঢ়া মেঠা , পুৰুষ মহিলা , যুৱক যুৱতী  সকলো একত্ৰিত হৈ একৰিয়া গাঁও মুৰং অক্কুমত  সমবেত হয় । উদযাপন সমিতিৰ সভাপতি তথা ‘গাম’ উলেং পেগু , সম্পাদক দিলীপ দলে ,  সাংগঠনিক সম্পাদক ৰোহিত দলে আদিৰ উদ্যোগত গাওঁখনৰ ২০ গৰাকী বৰ্ষীয়ান ব্যক্তিক গাঁওখনৰ পৰা  লৃলেং স্থলীলৈ আদৰি আনে সাংস্কৃতিক পৰম্পৰাৰে । পাছত সামূহিক ভাবে ধৰ্মীয় পৰম্পৰা অনুসৰি লৃলেং পৰ্ব সম্পন্ন কৰে “গাম” তথা উদযাপন সমিতিৰ সভাপতি উলেং পেগুৱে । অঞ্চলটোৰ কেইবা শতাধিক জনগোষ্ঠীয় ৰাইজে স্বকীয়  স্বাভিমানী জাতীয় সাজ পাৰ পৰিধান কৰি সামূহিক ভাবে গুমৰাগ ছমানত মতলীয়া হয় ।  জনগোষ্ঠীটোৰ নিজস্ব সাংস্কৃতিক বৈভবেৰে পৰিপুষ্ট অঞ্চলটোৰ ৰাইজে  স্বকীয় শৈলীৰে প্ৰস্তুত কৰা  বিভিন্ন ব্যঞ্জনৰ খাদ্য সম্ভাৰ খাই অভ্যাগত সকলকো খুৱাই আনন্দ উল্লাসত মতলীয়া হয় । অনাগত সময়ত কৃষি ভূমি অধিক উৰ্বৰ আৰু শস্য শ্যামলা হৈ  উঠাৰ বাবে ডঃই প’ল’ৰ ওচৰত প্ৰাৰ্থনা জনায় ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.