মাহমৰা উন্নয়ন খণ্ড কাৰ্যালয় প্ৰাঙ্গনত ৰাজহ মন্ত্ৰীৰ ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ শুভ উদ্বোধন

0 208

মাহমৰা উন্নয়ন খণ্ডৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, মাহমৰাৰ সহযোগত আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা আঁচনিৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান অনুসৰি স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ গৌৰৱোজ্বল মুহুৰ্ত্তত প্ৰতি ঘৰে ঘৰে যাতে পতাকা উত্তোলন কৰে, সেই উদ্দ্যেশ্য সাৰোগত কৰি মন্ত্ৰী গৰাকীয়ে মাহমৰা উন্নয়ন খণ্ড কাৰ্যালয়ত এটা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে৷

এই কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, মাহমৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী উৰ্মিলা গগৈ, মাহমৰা খণ্ড উন্নয়ন বিষয়া সুনাম দাস, মাহমৰা উন্নয়ন খণ্ডৰ কেইবাখনো গাঁও পঞ্চায়তৰ সভাপতি,সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য,সদস্যা আৰু বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.