সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক ক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱে পুনৰ এবাৰ মিডিয়া ক্ৰিকেটৰ ফাইনেলত স্থান নিশ্চিত কৰিলে। অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ ক্ৰিকেট প্ৰতিযোগিতাত ক্ৰমাগতভাবে তৃতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত আয়োজক অসম ক্ৰীড়া সাংবাদিক সন্থাক ৬ ৰানত পৰাস্ত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬০ ৰান। গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ মৃগাংক শৰ্মাই ৬২, অধিনায়ক বিনয় কলিতাই অপৰাজিত ৪৫ আৰু সঞ্জীৱ বেজবৰুৱাই আগবঢ়াই ২৪ ৰানৰ অৱদান। প্ৰত্যুত্তৰত অসম ক্ৰীড়া সাংবাদিক সন্থাই ১৫৪ ৰানতে সামৰে ইনিংছ। গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ বেটিঙত অপৰাজিত ৪৫ ৰান আৰু বলিঙত ১ উইকেট দখল কৰা বিনয় কলিতা বিবেচিত হয় মেন অব দ্যা মেচ। উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হব লগীয়া ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব মুখামুখি হ’ব মিডিয়া মেনেজমেণ্টৰ।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls