দক্ষিণ কামৰূপৰ মিৰ্জাত ২০১৫ চনতে স্থাপিত ব্যক্তিগত খণ্ডৰ উইজডম পাব্লিক স্কুলৰ আজি বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়। এই কাৰ্যসূচীত আজি বিয়লি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক, প্ৰাক্তন অধ্যক্ষ তথা লিখক পৰেশ বৈশ্যই এই বিদ্যালয়খনৰ আন্তঃগাঁঠনিৰ লগতে শৈক্ষিক দিশত এটি গতি লৈছে বুলি উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ গুৰুত্ব বা আন আনুসাংগিক বিকাশৰ কাৰণে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত অভিভাৱকৰ সহায়-সহযোগ অতি গুৰুত্বপূৰ্ণ বিষয় বুলি তেওঁ কয়। এখন বিদ্যালয়ে সদায় সৰ্বাংগীন উৎকৰ্ষ সাধনত গুৰুত্ব আৰোপ কৰিব লাগিব।এতিয়া কিছুমান বিদ্যালয় বিজ্ঞাপনত চলি অহা ঘটনাত তেওঁ উদ্বেগ প্ৰকাশ কৰে।ছাত্ৰ- ছাত্ৰীক নম্বৰ লাভৰ পৰিৱৰ্তে শুদ্ধ ধাৰণা, গুণগত শিক্ষা আহৰণতহে শিক্ষক- শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি তেওঁ ভাষণ প্ৰদান কৰে। আৰম্ভণিতে এই অনুষ্ঠানত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি অনিল কুমাৰে জৈন উপস্থিত থাকি কয় এই বিদ্যালয়খনে ৰাইজৰ সহযোগত এক গুণগত পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। আগত সময়ত শিক্ষাৰ দিশত আৰু অধিক অগ্ৰসৰ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ ড০ অনুৰাধা দাস ঘোষ, উপাধ্যক্ষ ৰজত জৈনকে ধৰি বহুকেইজন বিশিষ্ট লোক, অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত মাত, নৃত্য, আবৃত্তি, সৰস্বতী বন্দনা আদি পৰিৱেশন কৰি উপস্থিত দৰ্শক আপ্লুত কৰে।
Trending
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*