দক্ষিণ কামৰূপৰ মিৰ্জাত ২০১৫ চনতে স্থাপিত ব্যক্তিগত খণ্ডৰ উইজডম পাব্লিক স্কুলৰ আজি বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়। এই কাৰ্যসূচীত আজি বিয়লি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক, প্ৰাক্তন অধ্যক্ষ তথা লিখক পৰেশ বৈশ্যই এই বিদ্যালয়খনৰ আন্তঃগাঁঠনিৰ লগতে শৈক্ষিক দিশত এটি গতি লৈছে বুলি উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ গুৰুত্ব বা আন আনুসাংগিক বিকাশৰ কাৰণে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত অভিভাৱকৰ সহায়-সহযোগ অতি গুৰুত্বপূৰ্ণ বিষয় বুলি তেওঁ কয়। এখন বিদ্যালয়ে সদায় সৰ্বাংগীন উৎকৰ্ষ সাধনত গুৰুত্ব আৰোপ কৰিব লাগিব।এতিয়া কিছুমান বিদ্যালয় বিজ্ঞাপনত চলি অহা ঘটনাত তেওঁ উদ্বেগ প্ৰকাশ কৰে।ছাত্ৰ- ছাত্ৰীক নম্বৰ লাভৰ পৰিৱৰ্তে শুদ্ধ ধাৰণা, গুণগত শিক্ষা আহৰণতহে শিক্ষক- শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি তেওঁ ভাষণ প্ৰদান কৰে। আৰম্ভণিতে এই অনুষ্ঠানত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি অনিল কুমাৰে জৈন উপস্থিত থাকি কয় এই বিদ্যালয়খনে ৰাইজৰ সহযোগত এক গুণগত পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। আগত সময়ত শিক্ষাৰ দিশত আৰু অধিক অগ্ৰসৰ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ ড০ অনুৰাধা দাস ঘোষ, উপাধ্যক্ষ ৰজত জৈনকে ধৰি বহুকেইজন বিশিষ্ট লোক, অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত মাত, নৃত্য, আবৃত্তি, সৰস্বতী বন্দনা আদি পৰিৱেশন কৰি উপস্থিত দৰ্শক আপ্লুত কৰে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud