গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী অনুষ্ঠান আয়োজন

0 124

ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অহা ২০ মাৰ্চত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলনেৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোৰ উদ্বোধনী সভা অনুষ্ঠিত হ’ব বিয়লি চাৰি বজাত৷ ৰাজ্যৰ ৫০ গৰাকী জ্যেষ্ঠ আৰু প্ৰবীন সাংবাদিকে ৫০ গছি বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব৷ প্ৰবীন সাংবাদিকসকলক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনাও জ্ঞাপন কৰা হ’ব৷উদ্বোধনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা , তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা , ৰাজ্যিক তথ্য আয়ুক্ত ড: সমুদ্ৰগুপ্ত কাশ্যপ আৰু বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনে অংশগ্ৰহণ কৰিব৷সোণালী জয়ন্তী বৰ্ষ উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱে ৰাজ্যৰ চাৰিগৰাকী প্ৰবীন সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা,ধীৰেন্দ্ৰ নাথ বেজবৰুৱা,অনিল বৰুৱা আৰু কনকসেন ডেকালৈ আগবঢ়াব জীৱনজোৰা সাধনা সন্মান ৷ একেটা অনুষ্ঠানতে সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ স্বৰ্ণিল উন্মোচন কৰা হ’ব৷ৰাজ্য চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ বাবে আৱণ্টন দিয়া ভূমিত প্ৰেছ ক্লাৱৰ স্থায়ী গৃহৰ শিলান্যাসো সম্পন্ন কৰা হ’ব৷লগতে মুকলি কৰা হ’ব সাংবাদিকৰ সন্তানৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি – গিফট এ চাইল্ড এডুকেশ্যন৷

সন্ধিয়া ৬.৩০ বজাত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিব৷সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ ,খগেন গগৈ,বিদ্যাসাগৰ,প্ৰিয়ংকা ভৰালী,দীপলিনা ডেকা ,ৰূপম ভূঞা ,পদ্মনাভ ,শংকুৰাজ,নাহিদ আফ্ৰিনে গীত পৰিৱেশন কৰাৰ লগতে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব ৷সোণালী জয়ন্তীৰ এই উদ্বোধনী অনুষ্ঠানত সকলো সাংবাদিক আৰু সংবাদ কৰ্মীৰ লগতে শুভাকাংক্ষীৰ সহযোগিতা কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে৷

Leave A Reply

Your email address will not be published.