মিৰ্জাত ইপি মিডিয়া ফ’ৰামৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন।

0 229

দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যম সাংবাদিক সকলৰ উমৈহতীয়া সংগঠন ইলেকট্ৰনিক আৰু প্ৰিণ্ট মিডিয়া ফ’ৰাম, চাউথ কামৰূপৰ আজি দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি মিৰ্জাস্থিত ই.পি.মিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত চৰকাৰী নিৰ্দেশনা অনুসৰি ক’ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। পুৱা ১০ বজাত পতাকা উত্তোলন কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। ১০.২০ বজাত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে ফ’ৰামৰ উপদেষ্টা অনিল কলিতা, সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালী, কাৰ্যকৰী সভাপতি হিতেন মালীসহ সমূহ সদস্যবৃন্দই। ১১ বজাত ফ’ৰামৰ সদস্যসকলৰ মাজত এখন প্ৰীতি সন্মিলন অনুষ্ঠিত হয়। সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে আ‍ঁতধৰা অনুষ্ঠানত সভাপতিত্ব কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। সভাত উপদেষ্টা অনিল কলিতা, কাৰ্যকৰী সভাপতি হীতেন মালী, জ্যেষ্ঠ সদস্য ফটিক ঠাকুৰীয়া, গিৰীন্দ্ৰ কলিতা, হীৰেন শৰ্মাসহ সদস্য সকলে নিজ নিজ মনোভাৱ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.