কালৰূপী ক’ৰণাক ৰুধিবলৈ চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে।এই জটিল ক্ষণত ক’ভিড আক্ৰান্ত সকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ আংশিক সহায় হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ আগবঢ়ালে পঞ্চাশ হাজাৰ এটকা।লগতে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা প্ৰতিজন লোকলৈ , ক’ভিড আক্ৰান্ত সকললৈ নামঘৰৰ অক্ষয় বন্তিৰ তযৰফৰ পৰা আৰ্শীবাদ প্ৰদান কৰে।ইপিনে বৰেণ্য সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই।২০১৪ চনত ঢেকীয়াখোৱা বৰনামঘৰে প্ৰৱৰ্তন কৰা শ্ৰীশ্ৰী মাধৱদেৱ বঁটা আগবঢ়াইছিল প্ৰয়াত সাহিত্যিক গৰাকীলৈ। তেখেতৰ বিয়োগত আজি নামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত শোকসভা পাতি পৰিয়ালবৰ্গলৈ এটি শোকপ্ৰস্তাৱ প্ৰেৰণ কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন