মেট্ৰিক পৰীক্ষাত “ব্ৰিজ” চিনেমাৰ অভিনেতাৰ সাফল্য

0 186

অভাৱ গ্ৰস্ততা অথবা দাৰিদ্ৰতা শিক্ষা গ্ৰহণ ,জ্ঞান অৰ্জনৰ হেঙাৰ  হ’ব যে নোৱাৰে তাক প্ৰতিপন্ন কৰি দেখুৱালে ঢকুৱাখনাৰ এগৰাকী  শিক্ষাৰ্থীয়ে । শিক্ষাৰ্থী গৰাকীৰ নাম পাৰ্থ প্ৰতিম বৰা । ঢকুৱাখনাৰ জীয়ামৰিয়া গাঁওৰ  চহা প্ৰদীপ বৰা আৰু অঞ্জলি বৰাৰ পুত্ৰ পাৰ্থ প্ৰতিম বৰাই ঢকুৱাখনা উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ  ৪ বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে।  দিষ্টিংছন নম্বৰ পাবলৈ মাত্ৰ  ৪ নম্বৰ কম হোৱা কষ্টসহিষ্ণু পাৰ্থ প্ৰতিমে  ইংৰাজী বিষয়ত ৮৮ , সাধাৰণ গণিতত ৯২ ,সাধাৰণ বিজ্ঞানত ৭৪ , অসমীয়াত ৯২,হিন্দী বিষয়ত ৭৩  ,সমাজ বিদ্যাত ৮৭ সৰ্বমুঠ ৫০৬ নম্বৰ লাভ কৰি ষ্টাৰ মাৰ্ক অর্জন কৰিছে। পাৰ্থই  মুঠ ৮৪’৩৩ শতাংশ নম্বৰ লাভ কৰিছে।

দৰিদ্ৰতাই জুৰুলা কৰা  কৃষক পিতৃ প্ৰদীপ বৰাই  লক ডাউনৰ সময়ত অধ্যয়ন কৰিবলৈ এটা মোবাইলৰ যোগাৰ কৰি দিব নোৱাৰা , পৰ্য্যাপ্ত আনুসংগিক কিতাপ পত্ৰ , অধ্যয়ন কক্ষ সঠিক সময়ত যোগান ধৰিব নোৱাৰাৰ সত্বেও  এটা ওৰুখা দুকোঠলিয়া ঘৰত সীমাহীন অভাৱ সমস্যাৰ মাজত অধ্যয়ন কৰি  অর্জন কৰা এই সুনামে  অভাৱী পৰিয়ালটোলৈ আনন্দৰ জোৱাৰ আনিছে। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়নৰ হাবিয়াস কৰা পাৰ্থ প্ৰতিম বৰাই এগৰাকী  খ্যাতনামা অভিনয় শিল্পী হিচাপে আন্তৰাষ্ট্ৰীয় স্তৰত যশস্যা অর্জন কৰিছে।  প্ৰধানতঃ

কৃপাল কলিতা পৰিচালনাত নিৰ্মিত ব্ৰিজ নামৰ  চলচিত্ৰত অভিনয় কৰি আন্তৰাষ্ট্ৰীয়  চলচিত্ৰ  মহোৎসৱৰ স্পেচিয়েল মেনচন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল পাৰ্থ প্ৰতিম বৰাই। আন্তৰাষ্ট্ৰীয় স্তৰত মুঠ ৩৬ টাকৈ বঁটা অর্জন কৰিবলৈ সক্ষম হোৱা এই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰ বাপুকণৰ  নিখুঁত অভিনয় কৰি অভিনয় ক্ষেত্ৰখনত নিজৰ নাম স্বৰ্ণ উজ্জল আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল।প্ৰতিভাধৰ কিশোৰ ছাত্ৰ পাৰ্থ প্ৰতিমৰ এনে সাফল্যত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈয়ে অভিনন্দন জনাইছে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.