মৰিগাঁৱত বৰষুণৰ পানী সংৰক্ষণৰ আৰু ব্যৱহাৰৰ বাটৰ নাট

0 173

বৰষুণৰ পানী সংৰক্ষণ কৰো আহক, পানী অপচয় ৰোধ কৰো আহক, জলাশয় আদি সৰোবৰ আদি সংৰক্ষণ কৰো আদি শ্লোগানেৰে মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁৱৰ সদৰ বিহুতলি, ঘনকান্ত বৰুৱা মহাবিদ্যালয়,মৰিগাঁও আদালত চৌহদ, বাছ ষ্টেণ্ডকে ধৰি মৰিগাঁৱৰ কেবাঠাইটো নাট্য কৰ্মীসকলৰ দ্বাৰা দুদিনীয়াকৈ বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বৰ্তমান সময়ত পানীৰ যি সংকট সেইটো ৰোধ কৰাৰ স্বাৰ্থত বৰষুণৰ পানীৰ উপযুক্ত ব্যৱহাৰ,সংৰক্ষণ ইত্যাদি বিষয়বস্তুক লৈ নাট্যদল শিল্পকানন অসমে এক উৎকৃষ্ট অভিনয় কৌশলেৰে ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰি বাটৰ নাট প্ৰদৰ্শন কৰে৷

ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ আঁচনি Catch the Rain, where it falls and when it falls ‘ আঁচনিৰ অংশ হিচাপে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰা অভিযানৰ অংশ হিচাপে মৰিগাঁৱ জিলা নেহেৰু যুৱ কেন্দ্ৰই মৰিগাঁও জিলা প্ৰশাসনক সহযোগত অনুষ্ঠিত কৰা বাটৰ নাট কাৰ্যসূচীত মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰৰে গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে উপস্থিত ৰাইজক আঁচনিখনৰ বিভিন্ন দিশ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.