অমৃত ভাৰত ষ্টেচন আঁচনিৰ অন্তৰ্গত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনৰ ৩৫ টা ৰেলৱে ষ্টেচনক বিকাশৰ বাবে চিনাক্তকৰণ

0 176

ভাৰতীয় ৰে’লৱেৰ ৰে’ল ষ্টেচনৰ উন্নয়নৰ বাবে শেহতীয়াকৈ অমৃত ভাৰত ষ্টেচন আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে ১৩০৯ টা ৰে’ল ষ্টেচন চিনাক্ত কৰা হৈছে যাৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনৰ ৩৫ টা ষ্টেচন অন্তৰ্ভূক্ত আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইটামান গুৰুত্বপূৰ্ণ ষ্টেচনৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড়, কামাখ্যা, নতুন তিনিচুকীয়া, নিউ বঙাইগাঁও, কাটিহাৰ, কোকৰাবাাৰ, লামডিং, ডিমাপুৰ, শিলিগুৰি টাউন, শিলচৰ আছে|

এই আঁচনিখনত দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে অবিৰতভাৱে ষ্টেচনসমূহৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে। ইয়াত প্ৰতিটো ষ্টেচনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মাষ্টাৰ প্লেনৰ প্ৰস্তুতকৰণ কৰা আৰু ষ্টেচনসমূহত সুযোগ সুবিধাৰ উন্নত কৰাৰ বাবে পৰ্যায়ক্ৰমে সেইসমূহক ৰূপায়ণ কৰা যেনে ষ্টেচনৰ প্ৰৱেশ পথ উন্নত কৰা, প্ৰতীক্ষাগৃহ, শৌচালয়, প্ৰয়োজন অনুসৰি লিস্ট/এস্কেলেটৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, বিনামূলীয়া ৱাই-ফাই, ‘এক ষ্টেচন এক সামগ্ৰীৰ দৰে আঁচনিৰ জৰিয়তে স্থানীয় উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে কিয়স্ক, উন্নত যাত্ৰী তথ্য প্ৰণালী, এগজিকিউটিভ লাউঞ্জ, ব্যৱসায়িক বৈঠকৰ বাবে মনোনীত স্থান, লেণ্ডস্কেপিং ইত্যাদিৰ উন্নতকৰণ অন্তৰ্ভূক্ত থাকিব|

এই আঁচনিখনত ভৱনৰ উন্নীতকৰণ, চহৰৰ দুয়োদিশৰ সৈতে ষ্টেচনৰ একত্ৰিতকৰণ, ভিন্ন আৰ্হিৰ একত্ৰিতকৰণ, দিব্যাংখসকলৰ বাবে সা-সুবিধা, বহনক্ষম আৰু পৰিৱেশ হিতৈষী সংসাধন, বেলাষ্ট লেচ ট্ৰেক, প্ৰয়োজন অনুসৰি ‘ৰুফ প্ৰাজা’, ফেজিং আৰু সম্ভাৱ্যতা আৰু দীৰ্ঘম্যাদী ভিত্তিত ষ্টেচনত চিটি চেন্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে|

পূৰ্বৰ মডেল ষ্টেচন আঁচনি ১৯৯৯ বৰ্ষৰ পৰা ২০০৮ বৰ্ষলৈ প্ৰচলিত আছিল। সেই আঁচনিৰ অধীনত ভাৰতীয় ৰেলৰ উন্নীতকৰণৰ বাবে ৫৯৪ টা ষ্টেচনক নিৰ্বাচিত কৰা হৈছিল|

Leave A Reply

Your email address will not be published.