যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত

0 41

অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিৰ সংস্থা প্রজ্ঞাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আজি গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্রায় ৫ হাজাৰ যুৱক-যুৱতী, ছাত্র-ছাত্রী, যুৱ ব্যৱসায়ী, যুৱ সমাজকৰ্মীৰ উপস্থিতিত সফলভাবে যুৱ নেতৃত্ব সমাৰোহ-৫১২৭’ৰ অনুষ্ঠিত হয়।অসমৰ যুৱ শক্তিক সজাগ, সংগঠিত আৰু সংকল্পৱদ্ধ কৰাৰ প্ৰয়াসেৰে প্রজ্ঞাই আয়োজন কৰা এই বিশাল সমাৰোহখন ভাৰতমাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰাৰ পাছত আদৰণি ভাষণ প্ৰদান কৰে প্ৰজ্ঞাৰ সভাপতি প্ৰমোদ কলিতাই। ইয়াৰ উপৰিও অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিখন বিশেষ আলোচনা সত্ৰ অনুষ্ঠিত হয়। উল্লেখ্য যে বৰ্তমান সময়ত আমাৰ সমাজৰ পৰা লাহে লাহে হেৰাই যাব ধৰা ভাৰতীয় ঐতিহ্য-সংস্কৃতি, পৰম্পৰাক নৱ প্ৰজন্মৰ মাজত পুনৰ উদ্ভাসিত কৰি জীয়াই ৰখাৰ উদ্দেশ্যে প্রজ্ঞাই অবিৰতভাৱে কাম কৰি আহিছে। সেই উদ্দেশ্যৰে আয়োজিত এই যুৱ নেতৃত্ব সমাৰোহত তিনিখন আলোচনা সত্ৰৰ ভিতৰত দুটা দশক আগৰ অসম, বৰ্তমান আৰু ভৱিষ্যতৰ অসম শীর্ষক বিষয়ৰ ওপৰত বক্তৃতা প্রদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় – ৰামায়ণ – মহাভাৰতৰ দিনৰ পৰাই অসম বা তেতিয়াৰ কামৰূপ ৰাজ্যৰ লগত অখণ্ড ভাৰতৰ সম্পৰ্ক আছিল। কিন্তু একাংশ বুদ্ধিজীবিয়ে ইয়াণ্ডাবু সন্ধিৰ পাছতহে ভাৰতৰ লগত অসমৰ সম্পৰ্ক হোৱা বুলি কৈ অহা কথাটো শুদ্ধ নহয়। বৰঞ্চ কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত কনৌজ পৰ্যন্ত অসমৰ সীমা বিস্তৃত আছিল। চীনা পৰিব্ৰাজক হিউৱেন চাঙে নিজে এই কথা লিখি গৈছে। আনকি যি সময়ত মোগলে ভাৰতৰ এক বিস্তৃত অঞ্চলত শাসন চলাইছিল সেই সময়ত অসমে ১৭ বাৰ মোগলৰ আক্ৰমণ প্ৰতিহিত কৰিবলৈ সক্ষম হৈছিল। মহাৰাজ পৃথুৱে আৰম্ভ কৰা মোগলৰ আক্ৰমণ মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত এক নিৰ্ণায়ক ভূমিকাৰে সামৰণি পৰিছিল।ভাৰতত মোগল সাম্ৰাজ্যৰ জয় জয়কাৰ দিনটো অসম মোগলৰ শাসনৰ পৰা মুক্ত আছিল। আহোম আৰু কোচ ৰজাসকলে মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজি অসমত দেখাত মোগলৰ আক্ৰমণ নাই যদিও ভিতৰি মোগলতকৈ ভয়ংকৰভাবে খিলঞ্জীয়া অসমীয়াক আক্ৰমণ কৰিবলৈ দেশ স্বাধীনতাৰ সময়ৰে পৰা নিৰন্তৰ চেষ্টা অব্যাহত আছে। ইয়াৰ অংশ হিচাপে অসমৰ ১২ খন জিলাৰ পৰা অতি কৌশলৰে খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক খেদি পঠিয়াই দিয়া হৈছে।সেই জিলাত খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল সংখ্যালঘূত পৰিণত হৈ ভয় শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।একাংশ বুদ্ধিজীবিয়ে কৰা অপপ্ৰচাৰৰ বাবে ৰাজ্যৰ পৰিবেশ পূৰ্বতে বিনষ্ট হৈছিল। কিন্তু ২০২১ চনৰ পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাত বৰ্তমান সেই পৰিবেশ নোহোৱা হোৱাৰ উপক্ৰম হৈছে। এতিয়া অসমৰ জাগীৰোডত চেমি কণ্ডাক্তৰ উদ্যোগ নিৰ্মাণ হৈ আছে। সেইটো সম্পূৰ্ণ হলে প্ৰায় ২৭ হাজাৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগত নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে ৰেল আৰু যান-বাহন চলাচল কৰিব পৰাকৈ সুৰঙ্গ পথ নিৰ্মাণ কৰাৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰা হৈছে। মই অসমৰ যুৱ সমাজৰ ওপৰত আশাবাদী তেওঁলোকে ইতিবাচক দিশত আকাশ চুবলৈ সক্ষম হব। অসমক নেপাল বা বাংলাদেশ কৰা হব বুলি কোৱা সকলক অসমক কৰ্ণাটক, তেলেংগানা , অন্ধ প্ৰদেশ ,আমেৰিকা,ইউৰোপলৈ পৰিবৰ্তন কৰা হ’ব বুলি উত্তৰ দিবলৈ সক্ষম হ’ব। আনহাতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমত আন্তঃজিলা প্ৰবজনৰ বিৰুদ্ধে সৰব হৈ পৰাৰ লগতে অসমৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশই অচিনাকি লোক বুলি আক্ষেপ প্ৰকাশ কৰে।তেনেদৰে অসমৰ ভাষা, কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা শীর্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি সাহিত্য অকাডেমী বঁটাপ্রাপ্ত লেখিকা তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে কয় ভাষা সংস্কৃতি ৰক্ষাত যুৱ সমাজৰ দায়িত্ব আছে। আমি সেই কাম কৰিবলৈ যুৱ সমাজক নেতৃত্ব দিব লাগিব। যাতে পৰৱৰ্তী সময়ত যুৱ সমাজে নিজেই নেতৃত্ব লব পাৰে। আনহাতে “আমাৰ গৌৰৱশালী পৰম্পৰা শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই কয় – অসমৰ থলুৱা ভাষা, কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি অহা বিপদে সাম্প্রতিক সময়ত এক নতুন পর্যায় পোৱা পৰিলক্ষিত হৈছে। বিশ্বায়ন, ধর্মীয় জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন তথা আর্থিক আৰু সামাজিক-সাংস্কৃতিক আগ্রাসনে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বক সংকটৰ মুখলৈ ঠেলি দিছে। অসমৰ সমাজ-জীৱনক এনে ভয়াৱহ পৰিস্থিতিৰ পৰা পুনৰ উদ্ধাৰৰ বাবে প্রজ্ঞাই যুৱ সমাজক একত্রিত কৰাৰ লক্ষ্যৰে এই সমাৰোহৰ আয়োজন কৰা বাবে ধন্যবাদৰ পাত্ৰ।আমাৰ পূৰ্বপুৰুষসকলে প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতি অৱদান আগবঢ়োৱা, নতুন প্রজন্মক আমাৰ প্ৰাচীন ইতিহাস তথা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ বিষয়ে অৱগত কৰা, নাৰী সুৰক্ষাৰ হকে কাম কৰা আৰু সমাজখনক ভাৰতীয় মূল্যবোধ তথা সামাজিক প্ৰমূল্যৰ দ্বাৰা যুৱ প্ৰজন্মক সমৃদ্ধ কৰিব লগিব। নেতিবাচক দৃষ্টিভংগীক আঁতৰাই ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। ভাৰতক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰিব লাগিলে অসমৰ যুৱ প্ৰজন্মই ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিব লাগিব।শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰজ্ঞাৰ সম্পাদক হিতেশ্বৰ চক্ৰৱৰ্ত্তীয়ে।উল্লেখ্য যে সমাৰোহত ৰাজ্যৰ ২ খন বিশ্ববিদ্যালয় আৰু ৪৮ খন মহাবিদ্যালয়ৰ পৰাও ২,০৬৬ জন ছাত্ৰ – ছাত্ৰীয়েও ভাগ লৈছিল।

Leave A Reply

Your email address will not be published.