যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত আজি আৱৰ্ত্ত ভৱনৰ সভাকক্ষত জিলাখনত ক’ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল’বপৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়৷সভাত আৰক্ষী অধীক্ষক অংকুৰ জৈন, অতিৰিক্ত উপায়ুক্তসকল, সকলো প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া সকল, সহকাৰী আয়ুক্তসকল, থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে৷জিলাখনত ক’ভিড সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে কাইলৈৰ পৰা ক’ভিড প্ৰট’কল ভঙ্গকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা আৰু আৰক্ষী প্ৰশাসনে৷ সভাত জিলা উপায়ুক্তই সকলোকে অধিক ক্ষীপ্ৰতাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷ যোৰহাটত অহা দুদিন সম্পূৰ্ণ লকডাউন দিয়াৰ বিষয়ে জিলা উপায়ুক্তই উল্লেখ কৰি কয় যে অনাহকত কোনো লোক বাহিৰলৈ যাব নোৱাৰিব, কেৱল জৰুৰীকালীন সেৱাসমূহহে চলি থাকিব যদিও এইক্ষেত্ৰত সঠিক প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷ আনহাতে প্ৰাতঃ ভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷ ইয়াৰোপৰি কাইলৈ যোৰহাট জিলাত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে যোৰহাট জিলাৰ কিছু অঞ্চলত তহল দিব আৰু কন্টেইনমেন্ট জ’ন সমূহত ড্ৰোন কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰাৰ বিষয়ে আৰক্ষী অধীক্ষকে অৱগত কৰে৷
Trending
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
- APRINS Launches Skill Development Training Program on GI-Tagged Mizo Chilli Pickle and Banana Chips Making in Sesawng, Mizoram under LIC HFL SANGAM initiative
- এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ
- National Level IP Yatra Programme to be Held in Shillong on 27th–28th November 2025
- প্ৰয়াত গীতিকাৰ লক্ষ্য বৰকটকীৰ সোঁৱৰণী ৰেডিঅ’ বিতৰণী অনুষ্ঠান সম্পন্ন
- পপ কালচাৰৰ আকৰ্ষণীয় উদযাপনেৰে গুৱাহাটী কমিক কনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত
- ওপজা দিনত মালিগাঁৱত অন্তৰংগ আলাপ আৰু গীতে – মাতে জুবিন গাৰ্গক সোঁৱৰণ
- নিচামুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন