লখিমপুৰত পিপলছ একচন ফ’ৰ ডেভেলপমেণ্টৰ  উদ্যোগ- জলবায়ু পৰিবৰ্তন সন্দৰ্ভত মনোজ্ঞ  আলোচনা চক্ৰ

0 494


সাম্প্ৰতিক  সময়ৰ বিপন্ন  পাৰিপাৰ্শ্বিক পৰিবেশ  আৰু মানৱ সভ্যতাৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বান হিচাবে থিয় দি উঠা জলবায়ু পৰিবৰ্তনৰ কাৰক আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত এক মনোজ্ঞ  আলোচনা চক্ৰ শুক্ৰবাৰে  অনুষ্ঠিত হয় । লখিমপুৰ জিলাৰ অগ্ৰণী  বেচৰকাৰী সংস্থা  পিপলছ একচন ফ’ৰ ডেভেলপমেণ্ট” চমুকৈ (পি এ ডি)ৰ  উদ্যোগত কালি  জলবায়ু পৰিৱৰ্তনক বিষয়বস্তু  হিচাপে লৈ অনুষ্ঠিত  আন্তঃ সংস্থা গোট (আই এ জি)ৰ  আলোচনা চক্ৰখন অনুষ্ঠিত হয়  লখিমপুৰ জিলাৰ জিলা পৰিষদৰ প্ৰেক্ষাগৃহত। জলবায়ুৰ স্থিতিস্থাপকতা প্ৰণালী আৰু অনুশীলনৰ প্ৰচাৰৰ সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰত   লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাৰ অৰ্ধ শতাধিক পঞ্জীভুক্ত অংশ গ্ৰহণকাৰী উপস্থিত থাকে।  বেচৰকাৰী সংস্থা পি এ ডিৰ সঞ্চালক উইল ফ্ৰেড টপ্নই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় বিষয়বস্তুৰ অবলোকণ কৰি বৰ্তমানৰ পৰিস্থিতি আৰু জীৱ বৈচিত্ৰত ইয়াৰ নেতিবাচক  প্ৰভাৱৰ ওপৰত বিশ্লেষণ কৰি  উত্তৰ অসমৰ লখিমপুৰ, মাজুলী আৰু ধেমাজী জিলাৰ বেচৰকাৰী সংস্থা আৰু চৰকাৰী বিভাগসমূহৰ মাজত সমন্বয় মজবুত  কৰাৰ বাবেই পিপলছ একচন ফৰ ডেভেলপমেণ্টৰ প্ৰধান উদ্দেশ্য বুলি  কয়। আলোচনা চক্ৰত পি এ ডি ৰ ডকুমেণ্টেচন এণ্ড এডভোকেচী প্ৰবন্ধক নমিতা বিলুঙে স্থিতিস্থাপকতা শক্তিশালী কৰণ”  সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আৰু বিশ্লেষণাত্মক  বক্তব্য আগবঢ়াই
লখিমপুৰ আৰু মাজুলী জিলাৰ প্ৰকল্প এলেকা সমূহত পৰিচালনা কৰা কাৰ্যকলাপৰ ওপৰত  সাৱলীল বক্তব্য ৰাখে। প্ৰবন্ধক নমিতা বিলুঙে এছ ডি জি গ’ল নং ১৩ জৰুৰী জলবায়ু কাৰ্য, জলবায়ু পৰিৱৰ্তন আৰু ইয়াক প্ৰতিৰোধৰ বাবে  কেনেদৰে যুঁজ দিব লাগে তাক তথ্য সহকাৰে অৱগত কৰে। আলোচনা চক্ৰত বিপদাশংকা আৰু স্থিতিস্থাপকতা (ইউনিচেফ)ৰ কাৰ্যসূচী বিষয়া আনন্দ প্ৰকাশ কানুৰ মুখ্য সহযোগিতাত  অনুষ্ঠিত আলোচনা চক্ৰত  অংশগ্ৰহণ কৰি কানুৱে অংশ গ্ৰহণকাৰী সকলক জলবায়ু অভিযোজনৰ জৰিয়তে দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ বিষয়ে গৱেষণা লব্ধ মতামত আগবঢ়ায় । কানুৱে  অসমৰ জলবায়ু পৰিৱৰ্তনৰ অনুমান, এছ ডি জি, পেৰিছ চুক্তি আৰু এছ এফ ডি আৰ আৰৰ মাজত আন্তঃ সংযোগ আদি বিষয়ৰ ওপৰত মনোজ্ঞ আলোচনা কৰে ।
লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ডঃ পি কে পাঠকে অংশগ্ৰহণকাৰীসকলক প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে  বিশদ ব্যাখ্যা আগবঢ়াই । তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰশমন আৰু অভিযোজন, উচ্চতা বৃদ্ধি  আৰু আৰ্দ্ৰতাৰ ফলত বিভিন্ন ৰোগৰ সংক্ৰমণ আৰু জীৱ কুললৈ নামি অহা ভয়াবহ সংকট সন্দৰ্ভত  অধ্যয়ন পুষ্ট মন্তব্য ডাঙি ধৰে। প্ৰেক্ষাগৃহত পৰৱৰ্তী সময়ত পেনেল আলোচনাৰ সঞ্চালনা কৰে আয়োজক।সংস্থাটোৰ পৰিচালনা পৰিষদৰ সদস্য জি এছ‌ এছ এছৰ সহকাৰী প্ৰৱন্ধক ধৰনী পায়েং, আৰ.ভি.চি.ৰ সঞ্চালক লুইত গোস্বামী আৰু  বেচৰকাৰী সংস্থা পৰিৱৰ্তনৰ  সঞ্চালক কেশবা কৃষ্ণ চত্ৰধৰাই অসমত জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ 
নেতিবাচক প্ৰভাৱৰ ওপৰত মনোজ্ঞ আলোচনাত অংশগ্ৰহণ কৰে । পৰৱৰ্তী সময়ত অনুষ্ঠিত মুকলি আলোচনাৰ পৌৰহিত্য কৰে  আন্তঃ সংস্থা গোট (আই.এ.জি) ধেমাজিৰ অধ্যক্ষ  ৰাজেন শইকীয়াই । লখিমপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা  আঁচনি বিষয়া  পিনামনি বৰুৱা,  লখিমপুৰ মহিলা কল্যাণ বিষয়া প্ৰাঙ্গনা বৰায়ো নিৰ্ধাৰিত বিষয়বস্তুৰ  ওপৰত বক্তব্য আগবঢ়াই । আলোচনাৰ কালত আই এ জি ৰ অধীনৰ তিনিওখন জিলাৰ পৰা প্ৰতিখন গাঁও চিনাক্ত কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কীয়  বিষয়ত ভৱিষ্যত কৰ্মপন্থা গ্ৰহণ কৰিবলৈ কেইটামান  উল্লেখনীয় আৰু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি দিনজোৰা  কাৰ্যসূচীৰ সফল সামৰণি মৰা হয়।

বাতৰি যুগুতালে  অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.