লখৰাত অগ্নিপথ আঁচনিৰ সন্দৰ্ভত সজাগতা সভা সম্পন্ন

0 206

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিৰ খনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ হৈ থকা সময়তে কোনো কোনো ৰাজ্য শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে সমৰ্থন কৰাও দেখা গৈছে।
ইফালে অগ্নিপথ আচঁনি জড়িয়তে সেনাবাহিনীত যোগদান কৰিবলৈ একাংশ যুৱক- যুৱতীয়ে ইতিমধ্যে অনুশীলন আৰম্ভ কৰা দেখা গৈছে শোণিতপুৰ বিশ্বনাথ জিলাতো। ইফালে এই বিৰ্তক কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনি খনৰ সন্দৰ্ভত শুক্ৰবাৰে শোণিতপুৰ জিলাৰ লখৰা অসম ৰাইফলছৰ দ্বাৰা এক সজাগতা সভা অনুষ্ঠিত হয় লখৰা হাইস্কুল খনামূখত।

অসম ৰাইফলছৰ বেটেলিয়ন আৰু মুখ্য কাৰ্যালয়ৰ অধীনত অসম ৰাইফলছৰ মহাপৰিদৰ্শক (পূব) ২১ খণ্ডই অসমৰ শোণিতপুৰ জিলাৰ লখৰা হাইস্কুল খনামূখৰ প্ৰায় ৬১ গৰাকীৰ স্থানীয় শিক্ষিত যুৱক-যুৱতী সকলক এক গোট কৰি অগ্নিপথ আঁচনিৰ খনৰ সন্দৰ্ভত বহলাই বাখ্যা আগবঢ়াই অসম ৰাইফলছ বিষয়বীয়া সকলে।এই সজাগতা সভাতে যুৱক যুৱতী সকলক আঁচনি খনৰ লাভালাভৰ আৰু আঁচনিখনৰ সন্দৰ্ভত দেশত চলি থকা সমস্যা বোৰৰ লগতে যুৱক সকলৰ ভাৱি থকা সন্দেহ বোৰ স্পষ্ট ভাৱে প্ৰকাশ কৰে অসম ৰাইফলছে।

Leave A Reply

Your email address will not be published.