আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী জীনা ৰাজকুমাৰী পুনৰ লণ্ডনত অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰীত হৈছে।লোক সংগীত আৰু নৃত্যৰ জৰিয়তে আন্তৰ্জাতিক পৰ্যায়ত সমাদৃত হৈ অহা শিল্পী গৰাকীয়ে ধাৰাবাহিক ভাৱে বিদেশৰ মাটিত অনুষ্ঠান পৰিৱেশন কৰি আহিছে।যুক্তৰাজ্য অসম সাহিত্য সভাই অনুষ্ঠিত কৰিব লগা ৫৭৪ তম শংকৰ জয়ন্তীত গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰীত হৈছে জীনা ৰাজকুমাৰী।লণ্ডনৰ কিংছ লেংলি কমিউনিটি চেণ্টাৰত অহা ৮ অক্টোবৰ তাৰিখে জীনা ৰাজকুমাৰী আৰু তেওঁৰ দুই ছাত্ৰী অঞ্চিতা মহন্ত আৰু অনুস্মিতা মহন্তইও অনুষ্ঠান পৰিৱেশন কৰিব।উল্লেখযোগ্য যে সদস্য সমাপ্ত হোৱা North East India Festival আৰু লাউচত অনুষ্ঠিত সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰশংসিত হৈছিল শিল্পী গৰাকী।জীনা ৰাজকুমাৰীয়ে ইয়াৰ পূৰ্বে চিন, থাইলেণ্ড,লাউচ,ভূটান,নেপাল, বাংলাদেশ,ইংলেণ্ড আদিত নিয়মীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি আহিছে।অহা ৫ অক্টোবৰ,২০২২ তাৰিখে শিল্পী দলটোৱে মুম্বাইৰ পৰা ডুবাই হৈ লণ্ডন অভিমুখে যাত্ৰা কৰিব।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign