লণ্ডন পাৰ্লিয়ামেণ্টত অসমৰ সাজপাৰ প্ৰদৰ্শিত হ’ব

0 259

ভাৰত কনক্লেভ’ৰ উদ্যোগত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া লণ্ডন পাৰ্লিয়ামেণ্ট-২০১৮ আন্তঃৰাষ্ট্ৰীয় সাজ পাৰ প্ৰদৰ্শনী অনুষ্ঠানটোত গৌৰৱেৰে  উজলিবলৈ সাজু হৈছে অসমৰ পাট মুগা। অসমৰ খ্যাতমান ডিজাইনাৰ মাধুৰী বৰ্মনকে ধৰি সমগ্ৰ দেশৰ মুঠ ৬ গৰাকীকৈ প্ৰতিষ্ঠিত ডিজাইনাৰে অংশগ্ৰহণ কৰিব এই আন্তঃৰাষ্ট্ৰীয় সাজপাৰৰ প্ৰদৰ্শনীটোত। প্ৰত্যেক গৰাকী ডিজাইনাৰে তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সাজপাৰ সমূহে দাঙি ধৰিব তেওঁলোকৰ নিজৰ একোএকোটা সংস্কৃতিক।  ৪ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোত দেশ-বিদেশৰ বিভিন্ন ৰথী-মহাৰথীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।কালি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত ডিজাইনাৰ মাধুৰী বৰ্মনে  লণ্ডন  পাৰ্লিয়ামেণ্ট ২০১৮’ কলৈ তেওঁ অতি উৎসাহী আৰু আশাবাদী বুলি জনায়। ২৫ নৱেম্বৰৰ প্ৰদৰ্শনীত ডিজাইনাৰ গৰাকীয়ে প্ৰস্তুত কৰি উলিওৱা ৮ যোৰকৈ সাজ প্ৰদৰ্শিত হ’ব । লগতে তেওঁ বাঁহেৰে নিৰ্মিত অলংকাৰ আৰু মেটেকাৰে সাজি উলিওৱা বিভিন্ন সামগ্ৰীও প্ৰদৰ্শনীটোত প্ৰদৰ্শিত কৰিব বুলি সাংবাদ মাধ্যমক জানিবলৈ দিয়ে।খবৰ যুগুতালে দিলিস্তান খানে।

 

Leave A Reply

Your email address will not be published.