লাইপুলিত বসন্তৰ কুঁহিপাতত কবিতাৰ কল্লোল অনুষ্ঠান

0 418

অসমীয়া ভাষা সংস্কৃতিৰ জীয়াই ৰখা স্বাৰ্থত জন্ম দিয়া কাব্যবীথিকা কাব্যালোচনী আৰু ছাঁ(জীৱনৰ আকাশ) গোটৰ উদ্যোগত তিনিচুকীয়া লাইপুলি কাপ্তানচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত দেওবাৰে ‘বসন্তৰ কুঁহিপাতত কবিতাৰ কল্লোল’ নামৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটো আঁত ধৰে গোটৰ মুখ্য প্ৰশাসক ভৃগু কুমাৰ হাজৰিকাই। সঞ্চালনা কৰে শিক্ষক কবি শিল্পী অমৃত ৰাজখোৱা দেৱে।উদ্দেশ্য ব্যাখ্যা কৰে কাব্যবীথিকা গোটৰ উপদেষ্টা ভৈৰৱ গোহাঁই আৰু বিশাল হাজৰিকাই।
গীত,নৃত্য আৰু কবিতাৰে মুখাৰিত হোৱা উক্ত অনুষ্ঠানত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত পৰা অহা ন-পুৰণি কবি সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কবি,শিক্ষক দীপক কুমাৰ সেনাপতি,লেখক সুৰেন বৰুৱা,খেলুৱৈ বিজয়লক্ষী গগৈ,কবি-সাহিত্যিক ননী বৰুৱা গগৈ,কবি শিক্ষয়ত্ৰী নীলাক্ষী গগৈ,সাংবাদিক কবি সাংবাদিক ৰানাদ্বীপ দুৱৰা, বিপুল দত্ত, কবি দুলুমনি দেৱী, কবি সাহিত্যিক তথা তিনিচুকীয়া জিলা কবি সন্মিলনৰ সম্পাদিকা নৱযানী শইকীয়া, কবি মঞ্জুলা বৰা লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.