শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্বিলং বিদ্যালয়ৰ এলুমণি মীট এছ’চিয়েচনৰ উদ্যোগত ১০ ডিচেম্বৰত বিদ্যালয়ৰ প্রাক্তন শিক্ষাৰ্থী সকলৰ পুনর্মিলন সমাৰোহখন গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ বাণীকান্ত কাকতি সভাগৃহত অনুষ্ঠিত হয়।দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই সমাৰোহত বিদ্যালয়খনৰ বিভিন্ন বৰ্ষৰ প্ৰায় ৯০ জন প্রাক্তন শিক্ষার্থীয়ে অংশগ্রহণ কৰে। আনহাতে এই উপলক্ষে বিজু ফুকনৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে প্ৰতুল ডেকাই।অনুষ্ঠানত ডঃ চন্দন চহৰীয়া , মনিন ৰাজা , ৰাজদ্বীপ বসুমতাৰীকে ধৰি কেবাজনেও এসময়ত অবিভক্ত অসমৰ ৰাজধানী চহৰ শ্বিলঙৰ অসমীয়া লোকসকলৰ মিলনভূমি স্বৰূপ শ্বিলং বিদ্যালয়খনে সকলো জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ মাজত সমন্বয়ৰ ভেটি সুদৃঢ় কৰিছিল বুলি ব্যক্ত কৰে । আনকি কেবাজনো প্ৰাক্তন শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ দিনৰ পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে । ইফালে কেবাজনো শিক্ষাৰ্থীয়ে গীত-মাত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । বিয়লি অনুষ্ঠানৰ অন্তত সমূহীয়াভাবে ফটো উঠাৰ লগতে বছৰেকত এবাৰ হলেও মিলিত হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign