শংকৰ-আজান জাতীয় বিদ্যালয়ৰ গ্ৰীষ্ম উৎসৱ উদযাপন

0 310

২০১৭ চনত নগাঁৱৰ নিকটৱৰ্তী বৰমণিপুৰ স্থাপিত শংকৰ-আজান জাতীয় বিদ্যালয়ত আজি গ্ৰীষ্ম উৎসৱ উদযাপন হয়। সেই উপলক্ষে আজি পুৱাৰে পৰা এক উৎসৱ মূখৰ পৰিবেশে বিৰাজ কৰে। পুৱা ১০ বজাৰ পৰা বিদ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত বিভিন্ন নৃত্য-গীতৰ সমাহাৰেৰে এক বৰ্নিল সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হয়। অনুষ্ঠানত বৰগীত, সমবেত সংগীত, বিষ্ণুৰাভা গীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ হসংগীত, সত্রীয়া নৃত্য, আধুনিক নৃত্যকে ধৰি ছাত্র-ছাত্রী সকলৰ প্ৰতিভা প্ৰদৰ্শনে সকলো দৰ্শক ৰাইজক আপ্লুত কৰে। অনুষ্ঠানত চাৰিগৰাকী সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.