শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাথো কেইটামান দিন।অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ দেৰগাঁৱৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ মহুৰা পথাৰত অনুষ্ঠিত হ’বলগীয়া অধিবেশনস্থলীত এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে।হিন্দু মুছলমানৰ সম্প্ৰীতিৰে শংকৰ আজানৰ মিলনভূমিলৈ পৰিণত হৈছে অধিবেশনস্থলী ।হৰিনাম,জিকিৰৰ ধ্বনিৰে মুখৰিত হৈছে মহুৰা পথাৰ।এই অধিবেশনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় ৩০ লক্ষাধিক ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে।ইতিমধ্যে শিবিৰ,ভোজনালয় আৰু ৰান্ধনীঘৰৰ কাম সম্পূৰ্ণ হৈ উঠিছে।জানিব পৰা মতে ৩০০ টা চৌকাত প্ৰায় ১৫০ গৰাকী ৰান্ধনীয়ে খাদ্য প্ৰস্তুত কৰিব।ভকত বৈষ্ণৱসকলক আপ্যায়িত কৰিবলৈ সাজু হৈছে সেৱা বাহিনী।তাৰ লগতে ১০,০০০ স্বেচ্ছাসেৱক থাকিব পৰাকৈ স্বেচ্ছাসেৱক শিবিৰ,তিনি শতাধিক প্ৰতিনিধিৰ শিবিৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত চলি আছে।উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এইবাৰ শংকৰী সংঘৰ অধিবেশনৰ প্ৰতীক হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।এই অধিৱেশনৰ বাজেট প্ৰায় দুই কোটি আশী লাখ টকা নিৰ্দ্ধাৰিত কৰা হৈছে।অধিৱেশনৰ কাৰ্যসূচী অনুসৰি নামপ্ৰসঙ্গকে ধৰি সমূহীয়া প্ৰাৰ্থনা,ভাগৱত ভ্ৰমণ,অঙ্কীয়া নাট প্ৰদৰ্শন,পৰিৱেশ নিকাকৰণৰ লগতে বিভিন্ন পৰিষদৰ সভা অনুষ্ঠিত হ’ব।উল্লেখ্য যে অধিবেশনত ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকিব।সহযোগ কৰিলে বোকাখাতৰ পৰা দিব্য জ্যোতি হাজৰিকাই..
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি