শাৰীৰিক প্ৰতিবন্ধকতা নেওচি বোকাখাতত জিলিকিল নয়নজ্যোতি কুৰ্মী- দিন হাজিৰা কৰি পিতৃয়ে পঢ়ূৱাইছিল নয়নক

0 250

শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও শিক্ষাৰ অন্তৰাই হ’ব নোৱাৰে, তাক প্ৰমাণ কৰি দেখুৱালে বোকাখাতৰ বিশেষভাৱে সক্ষম এজন ছাত্ৰই ৷ জন্মৰে পৰা নিজৰ সোঁহাতখন অস্বাভাৱিকভাৱে সৰু হোৱাৰ পাছতো বাওহাতখনেৰেই সকলো কৰি গৈছিল ছাত্ৰজনে ৷ আৰু আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ছাত্ৰজন উজলি উঠিল ৷ বোকাখাতৰ কুৰুৱাবাহী ৰাজগড় অঞ্চলৰ এজন বিশেষভাৱে সক্ষম এই ছাত্ৰজনৰ নাম হ’ল নয়নজ্যোতি কুৰ্মী ৷ বুবুল কুৰ্মী আৰু প্ৰমিলা কুৰ্মীৰ দ্বিতীয় সন্তান নয়নজ্যোতি কুৰ্মীৰ সোঁহাতখন জন্মৰে পৰাই বিকল ৷ কিন্তু সেই বিকল হাতখনক লৈ অকণো চিন্তা নকৰা নয়নজ্যোতিয়ে বাওঁহাতেৰেই সকলো কৰি গৈছিল ৷ সৰুৰে পৰাই মেধা সম্পন্ন নয়নে নামভৰ্তি কৰিছিল বোকাখাতৰ ৰজাবাৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত ৷ দিন হাজিৰা কৰা পিতৃ বুবুল কুৰ্মী প্ৰতিদিন কামলৈ ওলাই যোৱাৰ পাছত মাতৃ প্ৰমিলা কুৰ্মীয়ে নয়নজ্যোতিক সকলো কৰি দিয়াৰ লগতে বিদ্যালয়তো থৈ আহিছিল ৷ বিদ্যালয়ত সৰুৰে পৰাই নয়নজ্যোতিয়ে মেধাৰ পৰিচয় দিছিল ৷ বোকাখাতৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ পৰাই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৮৪°৭ শতাংশৰে ৫০৭ নম্বৰেৰে ষ্টাৰসহ প্ৰথম স্থান লাভ কৰি উৰ্ত্তীৰ্ণ হৈ বোকাখাতৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ লগতে সমগ্ৰ কুৰুৱাবাহী ৰাজগড় অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । দিন হাজিৰা কৰি নিজ পুত্ৰক শিক্ষাৰ ক্ষেত্ৰত যাবতীয় সা সুবিধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল পিতৃ বুবুল কুৰ্মীয়ে । পিতৃ বুবুল কুৰ্মী উচ্চ শিক্ষিত হৈও টকা দিব নোৱাৰৰ বাবে এটা চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰিলে ৷ যাৰ বাবে দিন হাজিৰা কৰিয়েই পৰিয়াল পোহপাল দি আহিছে ৷ উল্লেখযোগ্য যে, শিশু অৱস্থাৰ পৰা মেধাবী এই গৰাকী শিক্ষাৰ্থীক শিক্ষাৰ ক্ষেত্ৰখনত কোনো বিশেষ ব্যক্তি বা দল সংগঠনে সহায় কৰা নাছিল যদিও অৰুণোদয় আঁচনিৰ ধনে বিশেষ ভাৱে সহায় লাভ কৰিছিল বুলি জানিবলৈ দিয়ে পিতৃ বুবুল কুৰ্মীয়ে ৷

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.