শিল্পগ্ৰাম প্ৰতিষ্ঠা দিৱস উদযাপন

0 96

উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন ই জেদ ডি চি চি) ডিমাপুৰ, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰৰ উদ্যোগত ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত শিল্পগ্ৰামৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হয় ।ৰাষ্ট্ৰীয় শিল্পগ্ৰাম মহোৎসৱ নাগালেণ্ডৰ সন্মানীয় ৰাজ্যপাল আৰু এন ই জেদ চি চিৰ অধ্যক্ষ লা গনেশানে আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী,শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ, মাজুলী আৰু স্বপ্ননীল বৰুৱা অৱসৰপ্ৰাপ্ত আই এএছ
ক্ৰমে সন্মানীয় অতিথি আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে। আনহাতে এন ই জেদ চি চিৰ সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে সমাৱেশক আদৰণি জনায়। সন্ধিয়া ৫.০০ বজাৰ পৰা আৰম্ভ শিল্পগ্ৰাম মহোৎসৱ ২০২৪’ৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠিত হয় । অনুষ্ঠানত গুৰু বন্দনা আৰু আদৰণি গীত,ভাৰতৰ ৰং’-লাইভ মিউজিকৰ সৈতে লোকনৃত্যৰ নৃত্য প্ৰদৰ্শন,বৰদৈ শিখলা (বড়ো জনজাতি),ডোমাহী কিকান (কাৰবি জনজাতি), উত্তৰ-পূবৰ মেলোডিজ জুটিমালা আৰু দ্য টাই ফ’ল্কছ বেণ্ড। মুঠতে ২৪৫ গৰাকী শিল্পীয়ে মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.