শোণিতপুৰত অৰুণোদয় মাহৰ শুভাৰম্ভ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ-জিলাখনত বান ক্ষতিগ্ৰস্ত ৭৬৭ টা পৰিয়াললৈ ১,৫২,১৮,৯০০ টকাৰ সাহায্য বিতৰণ বিত্ত মন্ত্ৰীৰ

0 190

অৰুণোদয় আঁচনি- দৰিদ্ৰতা নিৰ্মূলকৰণৰ লক্ষ্যৰে, দেশৰ ভিতৰতেই এখন বৃহৎ আৰু জনকল্যাণমুখী আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনৰ আই-মাতৃ আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিখনে বৰ্তমান প্ৰায় ২০ লাখ মহিলাক সামৰি লৈছে।
আজি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনত আনুষ্ঠানিকভাৱে ‘অৰুণোদয় মাহ’ৰ শুভাৰম্ভ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। মন্ত্ৰী নেওগে কয় যে,এই মাহত জৰীপকাৰ্যৰ জৰিয়তে হিতাধিকাৰীৰ তালিকা সংশোধন কৰাৰ উপৰিও চলিত বৰ্ষৰ ১০ অক্টোবৰৰ পৰা জিলাখনৰ হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত বৰ্তমানৰ ১,০০০/- টকাৰ সলনি ১,২৫০/- টকাকৈ বৰ্ধিত হাৰত সাহায্য লাভ কৰিব। 

উল্লেখযোগ্য যে, এইবছৰ বানপানীত শোণিতপুৰ জিলাৰ ৫ টা ৰাজহ চক্ৰৰ মুঠ ২৭২ গাঁৱৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ পোনপটীয়াকৈ পুনৰ্বাসন অনুদান (RG) বিতৰণৰো আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। শোণিতপুৰৰ ৭৬৭ টা পৰিয়ালক ইয়াৰ অধীনত ১,৫২,১৮,৯০০/-টকাৰ সাহায্য প্ৰদান কৰা হৈছে।

উক্ত কাৰ্যসূচীত তেজপুৰৰ বিধায়ক মাননীয় শ্ৰীপৃথিৰাজ ৰাভা, ৰঙাপাৰাৰ সন্মানীয় বিধায়ক শ্ৰী কৃষ্ণ কমল তাঁতীৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.