অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা শ্বিলং চহৰকে কাষৰীয়া অঞ্চলত মহাপুৰুষ দুজনাৰ আদৰ্শ – কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে । আনকি শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামী লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই । আনহাতে কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এইবেলিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাব তিথি, আবিৰ্ভাৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে। কৃষ্টি কেন্দ্ৰৰ সভাপতি মীনাৰাম বৰা, সাধাৰণ সম্পাদক শোনিত কুমাৰ ফুকন আৰু সহকাৰী সম্পাদক ড০ পৰাগ নাথে জানিবলৈ দিয়া মতে অহা ২৯ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব। সিদিনা পুৱা ৫ বজাত প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত ৭.৩০ বজাত খোল প্ৰসংগ , ১০ বজাৰ পৰা সমূহীয়া নাম, বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম আৰু সন্ধিয়া ৬.৩০ বজাৰ পৰা ভাওনা অনুষ্ঠিত হব। তেনেদৰে অহা ১৫ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । সিদিনা দিনৰ ১০ বজাত সমূহীয়া নাম প্ৰসংগৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম অনুষ্ঠিত হব। তেনেদৰে অহা ৫ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ অনুষ্ঠিত হব। আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথিৰ লগত সংগতি ৰাখি আজি কেন্দ্ৰৰ নামঘৰ প্ৰাংগণত বিয়লি ৩ বজাৰ পৰা এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ইয়াৰ উপৰি অহা ২৮ আগষ্টৰ দিনা সন্ধিয়া দেৱকুমাৰ দাস স্মৃতি ভৱনত এখন কৃষ্টি সভা অনুষ্ঠিত হব । ইতিমধ্যে মহাপুৰুষ দুজনাৰ তিথি উপলক্ষে ১৪ আগষ্টত ৰচনা, চিত্ৰাংকণ, দিহানাম আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। তেনেদৰে ১৯ আগষ্টত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ উলহ – মালহৰে উদযাপন কৰা হয়। আনহাতে কাৰ্যসূচী সমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ যুগল শৰ্মাক সভাপতি আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি মহেশ খাটনিয়াৰক সভাপতি, বাবুলাল হাজৰিকাক সম্পাদক আৰু বিজয় ৰাজবংশীক সহকাৰী সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন কৰা হৈছে । উদ্যোক্তা সকলে আটাইকেইদিনৰ কাৰ্যসূচীতে শ্বিলংবাসী অসমীয়া সমাজ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। উল্লেখযোগ্য যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ আৰু লাবানস্থিত লাবান অসমীয়া নামঘৰতো ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মহীয়া নাম। অৰ্থাৎ প্ৰায় তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত তিনিটাকৈ নামঘৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থকা দৃশ্যই তাত থকা অসমীয়া লোকসকলক বাৰুকৈয়ে উৎসাহিত আৰু গৰ্বিত কৰি আহিছে বুলি ড০ পৰাগ নাথ, বৰ্ণালী হাজৰিকা, মুনমালা শৰ্মা, দ্বিজেন মহন্ত, মনেশ্বৰ কলিতা, হৰেন তালুকদাৰকে ধৰি শ্বিলং নিবাসী একাংশ অসমীয়া লোকে জানিবলৈ দিছে।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান