বলীউদৰ তাৰকা অভিনেত্ৰী ছাৰা আলী খান শনিবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে।অভিনেত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এখন তথ্যচিত্ৰৰ বাবে গুৱাহাটীলৈ আহিছে।উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নত তথ্যচিত্ৰখনৰ শ্বুটিং হৈছে।তথ্যচিত্ৰখনত ছাৰা আলী খানে এগৰাকী ‘বীৰংগনা’ৰ ভূমিকা ৰূপায়ন কৰিছে।শ্বুটিঙৰ সময়ত অভিনেত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নৰ বিষয়াসকলৰ সৈতে ভাৱ বিনিময় কৰে।ছাৰাই আন ‘বীৰংগনা’সকলৰ সৈতে প্ৰশিক্ষণতো অংশ লয়।ছাৰা আলী খানে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰো দৰ্শন কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন