সংগীতজ্ঞ ৰমেন বৰুৱা আৰু সুদক্ষিণা শৰ্মাৰ স্বাস্থ্যৰ বুজ ললে সাংস্কৃতিক মন্ত্রী বিমল বড়াই

0 148

অসমীয়া চলচ্চিত্ৰৰ ৭০-৮০দশকৰ সফল সংগীত পৰিচালক ৰমেন বৰুৱাৰ মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপৰ বাস গৃহত উপস্থিত হৈ ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি বিয়লি শিল্পী স্বাস্হ্যৰ বুজ লয়। আজি কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা অশীতিপৰ শিল্পী গৰাকীৰ স্বাস্থ্যৰ বুজলৈ মন্ত্রী বড়াইএইক্ষেত্ৰত চৰকাৰৰ ফালৰপৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে।

সংগীতজ্ঞ বৰুৱাৰ সৈতে কথা পতাৰ সময়ত তেওঁৰ কনিষ্ঠ ভাতৃ গায়ক দ্বিপেন বৰুৱা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝা উপস্থিত আছিল৷ইয়াৰ পাছতে মন্ত্রী বড়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন প্ৰবীনা শিল্পী সুদক্ষিণা শৰ্মাৰো স্বাস্থ্যৰ বুজ লয়। মন্ত্রী গৰাকীয়ে চিকিৎসক সকলৰে কথা পাতি শিল্পী গৰাকীৰ চিকিৎসা সন্দৰ্ভত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.