শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে নগাঁৱৰ জাজৰিত সমূহীয়া নামাজ

0 244

আজি পবিত্র ঈদ-উজ-জোহা। ইছলাম ধৰ্মীয় লোক সকলৰ মহা আনন্দৰ উৎসৱ। এই শান্তি আৰু সম্প্ৰীতিৰ উৎসৱৰ পবিত্র দিনটিত সকলো ইছলাম ধৰ্মীয় লোকে পুৱাৰ ভাগত সমূহীয়া নামাজ আদায় কৰাৰ লগতে আল্লাৰ ওচৰত দোৱা কৰে নিজৰ লগতে বিশ্বৰ শান্তি কামনাৰে।সমগ্ৰ বিশ্বৰ লগতে নগাঁৱৰ নিকটৱৰ্টী বৃহত্তৰ জাজৰি মুছলমান গাঁৱৰ ৰাইজেও অতি উলহ-মালহেৰে পালন কৰিছে পবিত্র ঈদ উৎসৱটি পালন কৰা দেখা গৈছে। জাজৰি আঞ্চলিক ঈদগাহ পথাৰত আজি পুৱাৰে পৰা এক বিশাল আয়োজনেৰে ঈদ পালন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে বৃহত্তৰ জাজৰি অঞ্চলৰ সকলো ইছলাম ধৰ্মীয় লোক একত্রিত হৈ এই আঞ্চলিক ঈদগাহত পবিত্র ঈদৰ নামাজ আদায় কৰে পুৱা ৮ বজাৰ লগে লগে। নামাজৰ শেষত আঞ্চলিক ঈদগাহ সমিতিৰ সম্পাদক ইমদাদুৰ ৰহমানে অসমবাসী ৰাইজলৈ পবিত্র ঈদৰ শুভেচ্ছা জনাই।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.