আজি সদৌ অসম নিবনুৱা যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ,পৰিষদৰ গুৱাহাটী পাঞ্জাবাৰী স্থিত মুখ্য কাৰ্যলয়ত। পুৱা ১০ বজাত পৰিষদৰ স্থায়ী সভাপতি সমাজ বন্ধু ছাজন ভূঞাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । শ্বহীদ তৰ্পণ ও বন্তি প্ৰজ্বলন কৰে পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰাঞ্জল প্ৰতীম বৰা আৰু সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ মুখ্য সম্পাদক ঊষামণি শইকীয়াই। সভাত প্ৰতিষ্ঠাপক সভাপতি গুৱাহাটী প্ৰাণ, প্ৰয়াত ধীৰেন বৰুৱা দেৱৰ স্মৃতিচাৰণ কৰে পৰিষদৰ মুখ্য সমন্বয়ক জিণ্টু ডেকাই। নিবনুৱা পৰিষদৰ কাৰ্যকৰী সভাপতি লখিমপুৰ জিলাৰ ক্ষীৰোদ চেতিয়াই নিবনুৱা পৰিষদ কাৰ্যাৱলীৰ বৰ্ণনা কৰি কয় যে পৰিষদে ইতিমধ্যেই বহু কেইজন নিবনুৱা যুৱকক ক্ষুদ্ৰ উদ্যোগৰ প্ৰশিক্ষণ দিয়া,বিনামূলীয়াকৈ কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া, বাহঁ-বেটৰ ফাৰ্নিচাৰ বনোৱা, পশু পালন,মীন পালনৰ প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিছে।উক্ত সভাত আমন্ত্ৰিত অতিথি কবি লেখিকা ঊষামণি শইকীয়াই কয় যে আমাৰ উচ্চ শিক্ষিত নৱ প্ৰজন্মই চৰকাৰী চাকৰী মুখী নহৈ বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ যোগেদি স্বনিয়োজনৰ ব্যৱস্থা কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে।পৰিষদৰ স্থায়ী সভাপতি সমাজ বন্ধু ছাজন ভূঞা কয় যে চৰকাৰে পাঁচ বছৰত পাঁচ লাখ নিবনুৱাক কৰ্মসংস্থা দিম বুলি দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিব পাৰিব জানো,যিহেতু আজি দুবছৰেও এক লাখ নিযুক্তি সম্পুৰ্ণ কৰিব পৰা নাই। আৰু অতি শীঘ্ৰেই আৰু কেইবাটাও সমস্যালৈ অতি সোণকালে মুখ্যমন্ত্ৰী মহোদয়ৰ কাষ চাপিব বুলি জনাই।আজিৰ অনুষ্ঠান শিলচৰ , লখিমপুৰ, তিনিচুকীয়া, নগাওঁ, ধেমাজি, নলবাৰী, যোৰহাট, বৰপেটাকে আদি কৰি প্ৰায় ১২ খন জিলাৰ প্ৰতিনিধি আৰু বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।আজিৰ অনুষ্ঠানত নিবনুৱা পৰিষদে সাহিত্য সংগঠক লেখিকা ঊষামণি শইকীয়া, সমাজ সেৱিকা অঞ্জনা দাস, অভিনেত্ৰী কবিতা দুৱৰা,যুৱ সাংবাদিক,লেখিকা পাৰিজাত সন্দিকৈ , শিশুশিল্পী আৰুচী আফ্ৰিন,দেৱাশ্ৰী ডেকা, মৈত্ৰেয়ী বৰাক তেখেত সকলে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বঁটাও সম্বৰ্ধনা প্ৰদান কৰে । উক্ত অনুষ্ঠানতে গুৱাহাটীৰে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগতে প্ৰায় শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে বুলি পৰিষদৰ সম্পাদক প্ৰণৱ মেধিয়ে জানিবলৈ দিয়ে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ