সমাগত বানপানীৰে মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা উদ্যান কতৃপক্ষঃ বাৰিষা বন্যপ্ৰাণী সুৰক্ষাৰ দ্বায়িত্বত বনদুৰ্গা

0 56

সমাগত বানৰে মোকাবিলা কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ ইতিমধ্যে বন শিবিৰ সমূহত হাত নাও সাজু কৰি ৰখা হৈছে বানৰ সময়ত বনকৰ্মীসকলে পহৰা দিবৰ বাবে ৷ লগতে বিশেষ পহৰাৰ বাবে সাজু কৰি ৰাখিছে স্পীড ব’ট, মেকানাইজ ব’টৰ লগতে ফ্লটিং কেম্প ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাত এইবাৰ পোন প্ৰথমবাৰৰ বাবে বানপানীৰ সময়ছোৱাত কাজিৰঙাৰ সুৰক্ষাত কৰ্তব্য সম্পাদন কৰিব বনদুৰ্গাই ৷ বনদুৰ্গা হৈছে এটা মহিলা বনকৰ্মী দল ৷ যাৰ নাম দিয়া হৈছে বনদুৰ্গা ৷ উল্লেখ্য যে কাজিৰঙাত সমাগত বানত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিয়োগ কৰা হৈছে ১১৮ জনীয়া এই বনদুৰ্গা নামৰ যুৱতী বনকৰ্মী দলটোক ৷ আৰু এই বনদুৰ্গাই এতিয়াৰে পৰাই সাজু হৈছে বানৰ সৈতে মুকাবিলা কৰিবলৈ৷দিনৰ সমান্তৰালকৈ মাজনিশা পৰ্যন্ত কাজিৰঙাত যুৱতী বনকৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াই গৈছে৷বানপানীৰ সময়ছোৱাই বছৰটোৰ অতি স্পৰ্শকাতৰ সময় হিচাবে বিবেচিত হোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৪ ঘণ্টাই পহৰা দিয়াৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই৷বনকৰ্মীসকলৰ সমান্তৰালকৈ বনদুৰ্গাও প্ৰতিটো মুহুত্বতে বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কাজিৰঙাৰ অতন্দ্ৰ প্ৰহৰীৰূপে সাজু হৈ আছে ৷ ইতিমধ্যে বানৰ পূৰ্বে দুই এক পহুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰিছে কাৰ্বি পাহাৰ যাত্ৰা ৷ সেয়েহে কোনো কাৰণতে যাতে বাহনৰ খুন্দাত পহু বা কোনো বন্যপ্ৰাণী আহত হোৱাৰ উপৰিও মৃত্যুমুখত নপৰে তাৰ বাবে বনকৰ্মীসকলে সজাগতাৰ বাবে বাহনসমুহক ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত নাযাবলৈ অনুৰোধ জনাইছে ৷ তদুপৰি বানৰ সুযোগ লৈ যাতে কোনো কাৰণতে কাজিৰঙাত  চোৰাং চিকাৰী প্ৰবেশ কৰিব নোৱাৰে তাৰবাবে প্ৰতিটো মুহুত্বতে চোকা দৃষ্টি ৰাখিছে বনকৰ্মীসকলৰ লগতে বনদুৰ্গাই ৷

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই। ব

Leave A Reply

Your email address will not be published.