সাংবাদিক,কবি কুশল লাহনে লিখা প্রথমটো গীত শনিবাৰে মুকলি কৰা হয়। দিয়ান হাজৰিকাৰ সুৰ আৰু কন্ঠ আৰু হিৰকজ্যোতি নাথৰ সংগীতেৰে সজোৱা গুৱাহাটীৰ ৰাজগড়স্থিত ৰিকন হোটেলত মুক্তি লাভ কৰে নিয়ৰৰ কণা শীর্ষক আধুনিক গীতটো। গীতটো মুকলি কৰি বিশিষ্ট সংগীত শিল্পী অনুপম শইকীয়াই কয় কুশল লাহনৰ প্ৰচুৰ মানসিক শক্তি আছে। এটা সুন্দৰ গীত আজি আমাক উপহাৰ দিলে। উন্মোচনী সভাত জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়,জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা, অভিনেতা উজ্জ্বল বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সাংবাদিক ড০ কুশল কলিতাই। সভাত কুশল লাহনৰ মাতৃ দীপালি লাহন, ভাতৃ নিলোৎপল লাহনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই