সাংবাদিক,কবি কুশল লাহনে লিখা প্রথমটো গীত শনিবাৰে মুকলি কৰা হয়। দিয়ান হাজৰিকাৰ সুৰ আৰু কন্ঠ আৰু হিৰকজ্যোতি নাথৰ সংগীতেৰে সজোৱা গুৱাহাটীৰ ৰাজগড়স্থিত ৰিকন হোটেলত মুক্তি লাভ কৰে নিয়ৰৰ কণা শীর্ষক আধুনিক গীতটো। গীতটো মুকলি কৰি বিশিষ্ট সংগীত শিল্পী অনুপম শইকীয়াই কয় কুশল লাহনৰ প্ৰচুৰ মানসিক শক্তি আছে। এটা সুন্দৰ গীত আজি আমাক উপহাৰ দিলে। উন্মোচনী সভাত জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়,জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা, অভিনেতা উজ্জ্বল বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সাংবাদিক ড০ কুশল কলিতাই। সভাত কুশল লাহনৰ মাতৃ দীপালি লাহন, ভাতৃ নিলোৎপল লাহনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন