বিশিষ্ট সাংস্কৃতিক কর্মী, ৰাষ্ট্রীয় পৰ্যায়ৰ নৃত্য শিল্পী, সাহিত্যিক, সমাজসেৱীকা, গুৱাহাটীৰ মালিগাঁও ৰেলৱে অফিচাৰ্ছ ক’লনী নিবাসী টুটুমণি নাথ মেধিক (ৰুমী) মহাবঙ্গ সাহিত্য পৰিষদ ছেৰিটেবল ট্ৰাষ্টৰ পৰা ২০২২ বৰ্ষৰ সাহিত্যৰ সংস্কৃতিৰ আৰু সমাজ সেৱাৰ বাবে ৰাষ্ট্রীয় উৎকৃষ্টতা বঁটাৰে (National Excellence Award 2022) সন্মানিত কৰা হৈছে। অসম, বাংলাদেশ, নেপাল আদিকে ধৰি বিভিন্ন দেশৰ সমন্বয়ৰ স্থলীৰূপে পৰিগণিত কলকাতাৰ ৰৱীন্দ্ৰ সদনৰ অৱনীন্দ্ৰ সভাঘৰত ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত পশ্চিমবঙ্গ চৰকাৰৰ কৃষিমন্ত্ৰী শোভেনদেৱ চট্টোপধ্যায়ে টুটুমণি নাথ মেধিক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী তথা বিখ্যাত কবি শোভনদেৱ চট্টোপাধ্যায়ক টুটুমণি নাথে মেধিয়ে অসমীয়াৰ ঐতিহ্যৰ চিন ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনায়। ইয়াৰ উপৰিও মেধিয়ে অসমীয়াৰ বুকুৰ আমঠু বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta