চতুৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা ২০১৭ আজি সামৰণি পৰে। যোৱা ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰী অনুষ্ঠিত হোৱা মেলা খন গুৱাহাটী খানাপাৰাত অনুষ্ঠিত হয়। কৃষি উদ্যমী সকলৰ উৎসাহ যোগোৱা তথা উত্তৰ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ মানসেৰে কৃষি আৰু উদ্যান শস্য বিভাগে আয়োজন কৰিছিল। উদ্যান শস্য মেলাৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা কৰি থকা দেখা গৈছে। আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানত ৰাজ্যপাল মাননীয় বানোৱাৰীলাল পুৰোহিতে অসমৰ কৃষি আৰু পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোকপাত কৰে। পৰম্পৰাগত কৃষি পদ্ধতিয়ে আগবাঢ়িবলৈ সকলোকে আহবান জনায়। আনহাতে কৃষি উদ্যান আৰু খাদ্য সংসাধন মন্ত্ৰী অতুল বৰাই কৃষি প্ৰয়োজনীয়তাৰ সম্পৰ্কে ভাষণ আগবঢ়ায়। উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপেদেষ্টা ঋষিকেশ গোস্বামী, ৰঞ্জিত দাস লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত আছিল।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান

