সীমা সমস্যাই উত্তপ্ত হৈ থকা সময়তে স্থায়ী সমাধানৰ বাবে আইজললৈ উৰা মাৰিছে অসমৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘালে।আজি দুপৰীয়াৰ ভাগত মন্ত্ৰী দুগৰাকীয়ে এখন বিমানেৰে আইজললৈ বুলি যাত্ৰা কৰে।মন্ত্ৰী অতুল বৰাই তেওঁৰ টুইটাৰত প্ৰকাশ কৰা মতে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে তেওঁ আৰু তেওঁৰ সতীৰ্থ অশোক সিংঘালে মিজোৰামলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে।তেওঁলোকৰ সৈতে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব জিডি ত্ৰিপাঠীও থকা বুলি মন্ত্ৰী অতুল বৰাই টুইটাৰত প্ৰকাশ কৰিছে।উল্লেখ্য অসম-মিজোৰামৰ মাজত সৃষ্টি হোৱা বিবাদৰ পৰিণতে মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ৬ জন জোৱান আৰু এজন অসামৰিক লোকৰ মৃত্যু ঘটিছিল।ইয়াৰ পিছতে ৰাজ্য দুখনৰ মাজত সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে।ইয়াৰ মাজতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টেলিফোনিক বাৰ্তালাপ কৰিছিল।ইয়াৰ পিছতে আজি দুয়ো খন ৰাজ্যৰ মাজত সীমা সমস্যাকলৈ আইজলত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা