সীমা সমস্যাই উত্তপ্ত হৈ থকা সময়তে স্থায়ী সমাধানৰ বাবে আইজললৈ উৰা মাৰিছে অসমৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘালে।আজি দুপৰীয়াৰ ভাগত মন্ত্ৰী দুগৰাকীয়ে এখন বিমানেৰে আইজললৈ বুলি যাত্ৰা কৰে।মন্ত্ৰী অতুল বৰাই তেওঁৰ টুইটাৰত প্ৰকাশ কৰা মতে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে তেওঁ আৰু তেওঁৰ সতীৰ্থ অশোক সিংঘালে মিজোৰামলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে।তেওঁলোকৰ সৈতে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব জিডি ত্ৰিপাঠীও থকা বুলি মন্ত্ৰী অতুল বৰাই টুইটাৰত প্ৰকাশ কৰিছে।উল্লেখ্য অসম-মিজোৰামৰ মাজত সৃষ্টি হোৱা বিবাদৰ পৰিণতে মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ৬ জন জোৱান আৰু এজন অসামৰিক লোকৰ মৃত্যু ঘটিছিল।ইয়াৰ পিছতে ৰাজ্য দুখনৰ মাজত সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে।ইয়াৰ মাজতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টেলিফোনিক বাৰ্তালাপ কৰিছিল।ইয়াৰ পিছতে আজি দুয়ো খন ৰাজ্যৰ মাজত সীমা সমস্যাকলৈ আইজলত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই