সেউজ পৰিবেশ গঢ় দিয়া এচাম যুৱকৰ কথাৰে

0 282

প্ৰকৃতিক সুৰক্ষা দিয়াটো সকলোৰে কৰ্তব্য। কাৰণ প্ৰকৃতিৰ বাবে আমাৰ ধৰণীখন সুন্দৰ হৈ আছে। বিশ্বায়নৰ প্ৰভাৱ আৰু আধুনিক মনৰ ধামখুমীয়াৰ বাবে অনাহকত গছ গছনি কাটি নি:শেষ কৰি পেলোৱা হৈছে। যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা আদি কৰি অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এইবোৰ বুজি উঠি চাবুৱা অঞ্চলৰ ৰূপজ্যোতি যুৱ প্ৰজন্মই এক পদক্ষেপ গ্ৰহণ কৰিছে। জানি সুখী হ’ব যে চাবুৱাৰ ৰূপজ্যোতি যুৱ সংঘৰ উদ্যোগত অঞ্চলটো সেউজীকৰণ কৰি তোলা প্ৰচেষ্টা হাতত লৈছে। প্ৰিয় পাঠক, আমি সদায় এনেধৰণৰ খবৰৰ অনুসন্ধানত থাকো, যি খবৰে সকলোকে আলোড়িত কৰিব পাৰে‌। আহকচোন জানো, ৰূপজ্যোতি যুৱ সংঘৰ এই পদক্ষেপৰ বিষয়ে দ্বীপনজ্যোতি ফুকনে কি কয়.. আমি প্ৰায় ১৯ খন গাঁৱৰ ৰাইজ মিলিত হৈ গছ ৰোপনৰ সিদ্ধান্ত লৈছো। ইয়াৰ মূল উদ্দেশ্য হ’ল অঞ্চলটোক প্ৰাকৃতিক ভাৱে সুস্থ কৰি ৰখা, প্ৰদূষণ ৰোধ কৰা আৰু ফলমূল সংৰক্ষণ কৰা। সিদ্ধান্তৰ ফলস্বৰূপে প্ৰথম পৰ্যায়ত আমি ঘৰে ঘৰে গৈ বাঁহ সমূহ সংগ্ৰহ কৰিছো আৰু পুলি ৰোৱা ঠাইত বেৰা নিৰ্মাণ কৰিছো। এতিয়ালৈকে প্ৰায় ৩০০০ বেৰা সজা হৈছে। অতি শীঘ্ৰে ১৯ খন গাঁৱত পুলি ৰোপন কৰিব। এই ক্ষেত্ৰত বন বিভাগ আৰু দুটা এন.জি.অ’ য়ে সহযোগ কৰিছে । উল্লেখযোগ্য যে এই কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি গণসমাবেশ আয়োজন কৰিম। প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কত এক সচেতন মূলক ৰাইজৰ মাজত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ৰূপজ্যোতি যুৱ সংঘৰ এই পদক্ষেপে গতি লাভ কৰক। এন ই ফ’কাচ ডট কম ৰ তৰফৰ পৰা অফুৰন্ত শুভকামনা জনালো।

সংগীতা শইকীয়া 

সম্পাদক
এন ই ফ’কাচ ডট কম

Leave A Reply

Your email address will not be published.