প্রতিবছৰৰ দৰে এইবাৰো বিষ্ণু ৰাভা বঁটা দুগৰাকী শিল্পীলৈ আগবঢ়াইছে।বিশিষ্ট ভাস্কর্য শিল্পী সোণাৰাম নাথ আৰু লোকশিল্পী দ্রোণ ভূঞালৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। ছিপাঝাৰৰ পশ্চিম প্রান্তৰ বোনমাঝাৰ সন্তান সোণাৰাম নাথ এগৰাকী চিত্ৰ ভাস্কৰ্য শিল্পী। তেখেতৰ ভাস্কৰ্য শিল্পৰ স্বাক্ষৰ হ’ল শিৱসাগৰ পিয়লি ফুকন, ভোগেশ্বৰ বৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা প্রতিমূর্তি৷তেখেতে বিভিন্ন প্রদর্শনীত উচ্চ প্রশংসিত হৈছে। ২০০৫ চনত অৱসৰ গ্রহণ কৰা শিল্পীজন আর্টিষ্ট গীল্ডৰ লগতো জড়িত হৈ আছিল।আনহাতে দ্রোণ ভূঞাকো অসম চৰকাৰৰ বিষ্ণু ৰাভাৰ বঁটাৰে সন্মানিত কৰা হয়। দৰঙী কলা–কৃষ্টি উন্নয়ন সংঘকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে জডিত গুৰু দ্রোণ ভূঞালৈ অভিনন্দন জ্ঞাপন কৰিছে ভিন্ন ব্যক্তিবিশেষ তথা বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে৷
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন