সোণাৰিত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন -২৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ

0 170


হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকেৰে আলোকিত কৃতী ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ অধীনত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা বিশেষ অভিনন্দন অনুষ্ঠান এইবাৰো সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে। সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা ২৯৮ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাশীষ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰে অসম উন্নতি সভাৰ উপ সভাপতি মণি গগৈয়ে। চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগু, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰশান্ত দত্তই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি জ্ঞান গৰ্ভ ভাষণ প্ৰদান কৰা অভিনন্দন অনুষ্ঠানত বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকন, ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভক্ত বাহাদুৰ নেৱাৰ, হাজী অচিমুদ্দিন মিছন স্কুলৰ অধ্যক্ষ পল্লৱ বৰপাত্ৰগোঁহাই, অসম উন্নতি সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰমা কোঁৱৰ, চৰাইদেউ জিলা সমিতিৰ সভাপতি বিপিন শৰ্মা, বিশিষ্ট সমাজকৰ্মী হেমন্ত কুমাৰ গদুকা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিতুপন চাংমাই, অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অমিত দত্ত, চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিলীপ বড়া, সাংবাদিক মৃত্যুঞ্জয় দাস, মৃদুল বৰগোহাঁইৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আকাশ নাথ , শিক্ষা সম্পাদক বিশ্বজিৎ গগৈয়ে ক্ৰমে উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে অসম উন্নতি সভাৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক অভিজিৎ ভূঞা আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃন্ময় বড়াই আঁত ধৰা অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণাৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীক শিক্ষয়িত্ৰী কামনা ডেকাই আৰ্থিক সাহায্য সহ সম্বৰ্ধনা জনোৱাৰ লগতে তিনি গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী শিক্ষাৰ্থীক সমাজকৰ্মী মৃদুপৱন বড়াই আৰ্থিক সাহায্য প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.