সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৱৰ্তী কানুবাৰী বালিজান গাঁৱৰ ৰাইজে আজি পুৱা শ্ৰমদান কাৰ্যসূচীৰ যোগেদি গাঁওখনৰ মূল পথটো মেৰামতি কৰে। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটো নিৰ্মাণ কৰিবৰ বাবে ইতিমধ্যে গঞা ৰাইজে কেইবাবাৰো স্থানীয় সাংসদ, বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল। শেহতীয়াকৈ যাতায়তৰ অনুপযোগী হৈ পৰা পথটো মেৰামতিৰ বাবে চৰকাৰলৈ বাট নাচাই আজি স্থানীয় ৰাইজে নিজে হাতে কামে লাগি মেৰামতিৰ ব্যৱস্থা কৰে। পুৱাই গাঁওখনৰ যুৱক সকলে হাতে হাতে কোৰ আদি লৈ ওলাই আহি পথটোৰ মেৰামতিৰ কামত লাগি পৰে।উল্লেখযোগ্য যে, কৃষি কাৰ্য বিশেষকৈ চাহ খেতিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ ৰাইজ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে নৰক যন্ত্ৰণা ভোগ কৰি আছিল। ফলত উপায়ন্তৰ হৈ আজি ৰাইজে শ্ৰমদানেৰে পথটোৰ মেৰামতিৰ কাম হাতত ল’বলৈ বাধ্য হয়।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন