স্বায়ত্ত শাসিত পৰিষদৰ দুদিনীয়া সন্মিলনৰ সামৰণি

0 30

অসম বিধান সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত অসমৰ ১০খন স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলনৰ আজি অন্ত পৰে৷ অসম বিধান সভাত দুদিনীয়াকৈ আয়োজিত সন্মিলনখনৰ আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল গুলাব চন্দ কটাৰিয়াই৷

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপালগৰাকীয়ে এনেদৰে স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ কথা শুনাৰ বাবে লোৱা পদক্ষেপৰ প্ৰশংসা কৰে৷ তেওঁ কয় যে সংসদ, বিধান সভাৰ দৰে স্বায়ত্ত শাসিত পৰিষদৰো মূল কামেই হৈছে আইন আৰু নিয়ম প্ৰণয়ন কৰি তাৰ আধাৰত ৰাইজৰ সেৱা কৰা৷ তেওঁ কয়,’ৰাইজক সেৱা কৰাৰ বাবেহে আমি এই স্থানত আছো৷ সেয়ে ক্ষমতা সদায় ৰাইজৰ স্বাৰ্থত প্ৰয়োগ কৰিব লাগে৷ পৰস্পৰৰ মাজত বুজাবুজিৰে, সকলো পক্ষৰে মতামত শুনি সমস্যাৰ গুৰিলৈ গৈ সমাধানৰ চেষ্টা কৰিব লাগে৷ ৰাজ্যপালগৰাকীয়ে স্বায়ত্ত শাসিত পৰিষদসমূহৰ বাবে ৰাজভৱনৰ দুৱাৰ সদায় খোলা বুলি মন্তব্য কৰে আৰু সম্ভৱপৰ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে৷ বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সংসদ, বিধানসভাৰ সদস্যৰ দৰে স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰো বহুত দায়িত্ব আছে৷ কাৰণ তেওঁলোক হৈছে ৰাইজৰ প্ৰতিনিধি৷ নিৰ্বাচন অনুষ্ঠিত নোহোৱা চাৰিখন পৰিষদৰ সদস্যসকলৰো দায়িত্ব আছে কাৰণ তেওঁলোকক ৰাইজৰ কাম কৰাৰ বাবেহে চৰকাৰে মনোনীত কৰিছে৷ এই সন্মিলনতে অসম বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু স্বায়ত্ত শাসিত পৰিষদসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলক লৈ এখন সমিতি গঠনৰ সিদ্ধান্ত লোৱাৰ কথা অধ্যক্ষ বিশ্বজৎ দৈমাৰীয়ে তেখেতৰ ভাষণত সদৰি কৰে৷ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰিষদসমূহক ৰাজ্য চৰকাৰৰ পৰা পোৱা ধনৰ বিপৰীতে গ্ৰহণ কৰা আঁচনি আৰু খৰচৰ বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ, নিজাকৈ সম্পদ সৃষ্টি কৰিবলৈ, পৰিষদৰ কাম-কাজ ডিজিটেল পদ্ধতিৰে কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে চৰকাৰৰ সদিচ্ছা আছে আৰু সেয়ে এতিয়া পৰিষদলৈ আবন্টিত ধন সম্পূৰ্ণৰূপে মোকলাই দিয়া হয়৷ সামৰণি অনুষ্ঠানত সলাগৰ শৰাই আগবঢ়াই অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে৷

উল্লেখ্যযোগ্য যে, প্ৰথমবাৰৰ বাবে আয়োজিত এই সন্মিলনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ, মিচিং স্বায়ত্ব শাসিত পৰিষদ, তিৱা স্বায়ত্ব শাসিত পৰিষদ, দেউৰী স্বায়ত্ব শাসিত পৰিষদ, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদ, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ, মৰাণ স্বায়ত্ব শাসিত পৰিষদ আৰু মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, অধ্যক্ষসহিতে পৰিষদৰ সদস্যসকলে অংশগ্ৰহণ কৰে৷ সন্মিলনত স্বায়ত্ব শাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে কাম-কাজ পৰিচালনাত সন্মুখীন হোৱা অসুবিধা, তেওঁলোকৰ দাবী-আপত্তি, পৰামৰ্শসমূহ দাঙি ধৰে আৰু ইয়াৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদন বিধান সভা সচিবালয়ে অসম চৰকাৰক প্ৰদান কৰাৰ পদক্ষেপ লৈছে৷

Leave A Reply

Your email address will not be published.